
নগাঁওঃ ৰাজ্যত ঠায়ে ঠায়ে বাঘ, হাতীৰ আক্ৰমণ অব্যাহত থকাৰ সময়তে বুধবাৰে নগাঁও চহৰত সন্ত্ৰাসৰ সৃষ্টি কৰে এটি ম'হে৷ যাৰ ফলত পুৱাই হৈ-চৈ লাগিল নগাঁও চহৰত৷ ব্যস্ত নগাঁও চহৰত পুৱাই এটি ঘৰচীয়া মহ প্ৰবেশ কৰে৷ কিছু সময় পিছতে মহটোৱে মানুহক খেদি খেদি আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে৷ যাৰ ফলত আতংকৰ সৃষ্টি হয় চহৰ খনত৷
নগাঁও চহৰৰ নতুন বজাৰ, খ্ৰীষ্টানপট্টি, কৃষ্ণাই হল চাৰিআলি আৰু বিশাল মেগা মাৰ্টৰ সন্মুখকে ধৰি পানীগাঁও চাৰিআলি আৰু নতুন বজাৰ সংযোগী পথত সৃষ্টি কৰে সন্ত্ৰাসৰ৷ যাৰ ফলত সৃষ্টি কৰে শ্বাসৰুদ্ধকৰ পৰিবেশৰ৷ দিক-বিদিক হেৰুৱাই ম’হটোয়ে কেইবাখনো যান-বাহনত আক্ৰমণ কৰাত আতংকিত হৈ পৰে ব্যৱসায়ী তথা ৰাইজ৷ ম’হটোক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা কেইবাজনো লোক সামান্যভাবে আঘাতপ্ৰাপ্ত হয়৷
প্ৰায় চাৰে তিনি ঘন্টা সন্ত্ৰাস চলোৱাৰ অন্তত বন বিভাগৰ লোকে ম’হটো কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ বলীয়া ম’হটো ক’ৰ পৰা চহৰত প্ৰবেশ কৰিলে সেই কথা এতিয়াও পোহৰলৈ অহা নাই৷