লোকসংগীত শিল্পী খগেন গগৈলৈ ক্ৰান্তিকাল সন্মান

নগাঁওঃ নগাঁও জিলাৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী ক্ৰান্তিকাল প্ৰকাশনে ''শিৱকান্ত ক্ৰান্তিকাল ন্যাস''ৰ উদ্যোগত ২০১১ চনৰপৰা প্ৰদান কৰি অহা "ক্ৰান্তিকাল সন্মান" এই বছৰৰ বাবে খ্যাতনামা লোকসংগীত শিল্পী খগেন গগৈলৈ আগবঢ়াইছে।

১৯৬০ চনত চৰাইদেউৰ সমীপৰ লংপতীয়াত জন্ম গ্ৰহণ কৰা গগৈয়ে বিহুগীত, টোকাৰি গীত আৰু দেহবিচাৰৰ গীতক জনপ্ৰিয় কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।

লোক সংগীতৰ মূল চৰিত্রৰ হেৰফেৰ নোহোৱাকৈ এম টি ভিৰ  কোক ষ্টুডিঅ'ত অনুষ্ঠান পৰিৱেশনৰ যোগেদি বিহুক সৰ্বভাৰতীয় পৰ্যায়ত জনপ্ৰিয় কৰাত খগেন গগৈৰ ভুমিকা অপৰিসীম।

এক অনন্য কণ্ঠৰ যোগেদি খগেন গগৈয়ে বিহুৰ লোক সাংস্কৃতিক ৰূপটোক আধুনিক সময়ত মনোগ্ৰাহী ৰূপত পৰিৱেশনৰ জৰিয়তে অসমীয়া পৰিচয়ৰ অন্যতম উৎসটোকো ধৰি ৰাখিছে।

ইতিমধ্যে দেশে-বিদেশে অনুষ্ঠান পৰিৱেশন কৰা খগেন গগৈয়ে কেইবাহাজাৰ বিহু গীতত কন্ঠদান কৰিছে। ব’হাগৰ প্ৰথম সপ্তাহত এই ক্ৰান্তিকাল সাহিত্য সন্মান ২০১৮ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব বুলি ক্ৰান্তিকাল প্ৰকাশনৰ স্বত্বাধিকাৰী কৈলাস কুমাৰ ৰাজখোৱাই জনাইছে।