নগাঁৱত আৰক্ষীৰ জেৰাৰ সন্মুখীন নিলম্বিত ডিএছপি

newsnextone,নগাঁওঃ উৎকোচ বিৰ্তকত সোমাই পৰা নগাঁৱৰ নিলম্বিত ডিএছপি সবিতা দাস নগাঁও সদৰ আৰক্ষী থানাত হাজিৰ হৈছে। নগাঁও সদৰ থানাত হাজিৰ হোৱাৰ পিছতে আজি দিনৰ ১১ বজাৰ পৰা নিলম্বিত আৰক্ষী বিষয়া গৰাকীক জেৰা অব্যাহত আৰক্ষীৰ ৷ নগাঁও সদৰ থানাৰ জাননীৰ পিছতে আজি আহি জেৰাৰ সন্মুখীন হৈছেহি সবিতা দাস ৷ তদন্তকাৰী আৰক্ষী বিষয়া সীতেন গগৈয়ে চলাইছে জেৰা ৷ 

তদন্তকাৰী আৰক্ষী বিষয়া গগৈ নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা)৷ নগাঁও সদৰ থানাত ডিএছপি সবিতা দাসৰ বিৰুদ্ধে পঞ্জীয়ন হৈ আছে ৩০০১/১৮ নম্বৰত গোচৰ ।ৰাজ্যৰ গৃহ বিভাগে বিৰ্তকিত আৰক্ষী বিষয়া গৰাকীক ১৭ ছেপ্টেম্বৰত কৰিছিল নিলম্বন।

গ্ৰেপ্তাৰ ভয়ত উচ্চ ন্যায়ালয়ৰ পৰা জামিন লৈ জেৰাৰ সন্মুখীন হৈছে নিলম্বিত ডিএছপি সবিতা দাস । উল্লেখযোগ্য যে নগাঁও চহৰৰ পানীগাঁৱৰ সৌৰভ হাজৰিকা নামৰ এজন যুৱকৰ পৰা ৪০ হাজাৰ টকা উৎকোচ বিচৰাৰ অভিযোগত নিলম্বিত হৈছিল সবিতা দাস ৷