
নগাঁওঃ নগাঁও জিলাৰ বৃহত্তৰ ঘাঁহী অঞ্চলৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ঘাঁহী প্ৰাথমিক বালিকা বিদ্যালয়ৰ নৱ নিৰ্মিত তোৰণখন বুধবাৰে আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়৷ এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত তোৰণখন উন্মোচন কৰে অঞ্চলৰ সৰবৰহী বয়সীয়ান মহিলা ৰেবতী বৰা দেৱীয়ে ৷ তোৰণখন সমাজকৰ্মী গিৰিশ বৰাই তেওঁৰ পিতৃ মুক্তি যুঁজাৰু প্ৰয়াত ধনীৰাম বৰাৰ সোঁৱৰণত নিৰ্মাণ কৰে ৷
বিদ্যালয়ৰ সভাকক্ষত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মুকুল শৰ্মাৰ পৌৰহিত্যত এখন সভা অনুষ্ঠিত হয় ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দিপালী বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত আমন্ত্ৰিত অতিথি হিচাপে বিদ্যালয়ৰ ভূমিদাতা সোমেশ্বৰ বৰা, সমাজকৰ্মী প্ৰতাপ শৰ্মা, জিন্টি বৰা, গিৰিশ বৰা, ধনীৰাম বৰা, ৰেবকান্ত বৰা, কমলেশ্বৰ বৰা, সাংবাদিক জয়ন্ত মুদৈ, কল্যাণ কুমাৰ বৰা, মৃগেন কুমাৰ নাথ, বয়োজ্যেষ্ঠ নাগৰিক ফনিধৰ বৰাকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে৷
সাংবাদিক জ্যোতি প্ৰসাদ বৰা আৰু বিদ্যালয়ৰ সহকাৰী শিক্ষক নিত্যানন্দ বৰাই আঁতধৰা সভাত বিদ্যালয়ৰ ভূমিদাতা, তোৰণৰ দাতা, গ্ৰীলৰ দাতাকে ধৰি বিদ্যালয়খনলৈ বিভিন্ন সময়ত প্ৰয়োজনীয় সা-সামগ্ৰী দান আগবঢ়োৱা দাতা আৰু ইতিমধ্যে দেহাৱসান ঘটা দাতাসকলৰ পৰিয়ালক বিদ্যালয়ৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে সভাৰ মাজে মাজে গীত গাই মনোৰঞ্জনৰ খোৰাক যোগোৱা সভাখনিত বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু মাতৃগোটৰ সমস্য-সদস্যাসকলৰ লগতে অভিভাবক আৰু দুই শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে ৷