
কামপুৰঃ চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰীগৰাকী আৰু মন্ত্ৰী-বিধায়কে নিতৌ বৰ বৰ কথা কৈ শিৰোনাম দখল কৰে৷ বিতৰ্কিত তথা আৰু চমক সৃষ্টিৰ বাবে বৰ বৰ কথা কয় যদিও
তেনে কথা প্ৰকৃততে পূৰণ কৰিব পাৰেনে মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়কে৷ দেখা যায় যে চৰকাৰ খনে তেনে প্ৰতিশ্ৰুতি পালনত বিফল হৈছে৷ বিশেষকৈ মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়কে কৰ্ম সংস্কৃতিৰ কথা কয় যদিও চৰাকৰী কাৰ্যালয়ত কৰ্ম-সংস্কৃতি আজিও দেখা পোৱা নাযায়৷
ৰাজ্যৰ বহু কাৰ্যালয়ত কৰ্ম-সংস্কৃতিৰ নমুনা প্ৰত্যক্ষ কৰিলে চকু কপালত উঠে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কৰ্ম সংস্কৃতিৰ নমুনা নগাঁও জিলাতো দেখিবলৈ পোৱা যায়৷ নগাঁও জিলাত বহু কাৰ্যালয়লৈ আহিলে আপুনি কৰ্ম সংস্কৃতিৰ নমুনা নিজেই প্ৰত্যক্ষ কৰিব পাৰিব৷ দিনৰ ১১ বাজি যোৱাৰ পাছতো বৰাবাবুসকল কাৰ্যালয়লৈ নাহে৷ কোৱা বাহুল্য বৰাবাবুক অনুসৰণ কৰি সৰু বাবুসকলেও কৰ্ম সংস্কৃতি পাহৰি গৈছে৷
যিহেতু নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কোৱা কথাবোৰ এতিয়া মন্ত্ৰী-বিধায়কে নিজেই পাহৰি গৈছে, বিষয়া-কৰ্মচাৰীয়ে পাহৰি যোৱাটো ডাঙৰ কথা নহয়৷ ব্যস্ততাৰ বাবে ৰাজনৈতিক দলবোৰৰ লোকে পাহৰি পেলাইছে সকলো। পাহৰি পেলাইছে কৰ্ম সংস্কৃতিৰ কথাও৷ কৰ্ম সংস্কৃতি ঘুৰাই অনাৰ দোহাই দি ৰাজ্যৰ শাসন ভাৰ দখল কৰা চৰকাৰখনে পাহৰিলেও ৰাইজে পিছে পাহৰা নাই কথা বোৰ৷
নগাঁও জিলাৰ বিভিন্ন কাৰ্যালয়ত ১১ বজাৰ পূৰ্বে চৰকাৰী কৰ্মচাৰী কাৰ্যালয়লৈ অহাৰ ৰেকৰ্ড কমেই৷ মঙলবাৰে সংবাদ মাধ্যমে চলোৱা অভিযানত জিলা খনৰ কঠিয়াতলী শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ দুৱাৰত ১০.৩০ বজালৈ ওলমি আছিল তলা৷ চৰকাৰী কাৰ্যালয়টোৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ বিপৰীতে ১১ বজাত দুৱাৰ খোলে মুখ্য গাণনিকেহে। হয়, এনে কাৰ্যলয়টো কেৱল নগাওঁ জিলাতহে আছে৷
১০.৩০ বজালৈ চৰকাৰী কাৰ্যালয়টোত তলা উলমি থকাৰ পিছতো নিমাত জিলা প্ৰশাসন৷ দীৰ্ঘদিন ধৰি কঠিয়াতলী শিক্ষা বিষয়া কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে বহু পলমকৈ কাৰ্যালয়ত উপস্থিত হোৱাৰ অভিযোগ উত্থাপন হৈ অহাত মঙলবাৰে কাৰ্যালয়টোত উপস্থিত হৈছিল সাংবাদিকৰ দল৷ সাংবাদিকৰ দলটোৱে পুৱা ১০.৩০ বজাত কাৰ্যালয়টোত উপস্থিত হৈছিল যদিও দুৱাৰত তলা ওলমি আছিল৷ ১০৩০ বজালৈ এজনো কৰ্মচাৰী উপস্থিত নাছিল কাৰ্যালয়টোত৷ কাৰ্যালয়টোত ১১ বজাৰ পূৰ্বে কৰ্মচাৰী নহা বুলি দীৰ্ঘদিনিয়া অভিযোগ ৰাইজৰ৷ এতিয়া প্ৰশ্ন হয় পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰে খনে পৰিৱৰ্তন কৰিব পাৰিবনে এইসকল কৰ্মচাৰীক৷