
নগাঁওঃ ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ আমচাঙত প্ৰশাসনে উচ্ছেদ অভিযান চলাই যুদ্ধ কৰিছিল সাধাৰণ ৰাইজৰ বিৰুদ্ধে৷ হাতে হাতে বন্দুক লৈ উপস্থিত হৈছিল আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোক৷ দৰিদ্ৰ, শ্ৰমিক খটিখোৱা থলুৱাৰ ঘৰ ভাঙি চৰকাৰে তৃপ্তি লৈছিল৷ প্ৰশাসনৰ বৃহৎ দল উপস্থিত হৈ আমচাঙত উচ্ছেদ কৰিছিল আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ বৃহৎ সংখ্যক লোকক লৈ৷
কেৱল গুৱাহাটী মহানগৰীতে নহয় কাৰ্বি আংলং, তিনিচুকীয়া আদি ঠাইত উচ্ছেদ অভিান চলাই আহিছে৷ কিন্তু চৰকাৰে এফালৰ পৰা উচ্ছেদ চলাইছে আনফালে পুণৰ বেদখল কৰিছে একাংশ লোকে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ বৃহত্তৰ বৰক’লা অঞ্চলৰ দাঁতিৰে বৈ যোৱা হাৰিয়া নৈৰ পাৰৰ মৰাগুৰি জলাহৰ পাৰত একাংশ সন্দেহজনক নাগৰিকে বসতি স্থাপন কৰাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
আনকি এইবোৰ সন্দেহজনক নাগৰিকে সকলোকে স্তম্ভিত কৰি চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত গঢ়ি তুলিছে গাঁও৷ স্থানীয় বালিগাঁও আৰু বৰক’লা অঞ্চলৰ ৰাইজৰ গৰু, ম’হৰ বিচৰণ থলী এই চৰকাৰী ৰিজাৰ্ভত এইসকল সন্দেহজনক লোকে বৰ্তমান তিনিশৰো অধিক ঘৰ নিৰ্মাণ কৰি বুলি জানিব পৰা গৈছে৷ কাজেই, এনেদৰে ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত মৰাগুৰি জলাহৰ সমীপৰ চৰকাৰী মাটিত প্ৰতিদিনে সন্দেহজনক নাগৰিকে অৱস্থান গ্ৰহন কৰা ঘটনাই এতিয়া সমগ্ৰ জিলাখনতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ঘটাইছে৷
জানিব পৰা মতে, পূৰ্বৰ পৰা অবৈধভাবে বাস কৰি অহা সন্দেহজনক লোকসকলে নতুনকৈ অহা লোকসকলৰ পৰা মাত্ৰ ৩০০-৫০০ টকা লৈয়েই এই চৰকাৰী ভূমিত বসতি স্থাপনৰ অনুমতি দিয়ে৷ বিগত প্ৰায় এবছৰ মানৰ পৰা নিতৌ অবাধে আহি ঘৰ-দুৱাৰ বান্ধি বাস কৰিবলৈ ধৰে৷ এইসকল সন্দেহজনক নাগৰিকে নতুনকৈ ইটোৰ পিছত সিটো ঘৰ নিৰ্মাণ কৰিছে যদিও জিলা প্ৰশাসন তথা চৰকাৰী পক্ষই ৰহস্যজনকভাবে ইয়াৰ বিৰুদ্ধে কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহন নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন লোকসকলে৷
কিয়নো এনেদৰে নৈখনৰ পাৰত সন্দেহজনক নাগৰিকে চৰকাৰী ভূমি বেদখল কৰি বসতি স্থাপন কৰা সন্দৰ্ভত স্থানীয় ৰাইজে বিগত বৰ্ষৰ পহিলা ভাগতে জিলা উপায়ুক্তক অভিযোগ দিয়াৰ পিছত ৰহা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই উচ্ছেদ চলোৱা হ’ব বুলি ৰাইজক আশ্বাস দিছিল যদিও সেয়া কাৰ্যকৰী নহ’ল৷ ইফালে, জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্যৰ বৰ্তমানৰ পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনৰ দিনতে একেদৰে চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভ অবৈধভাবে সন্দেহজনক নাগৰিকে ভৰি পৰা কাৰ্যই সকলোকে স্তম্ভিত কৰিছে৷ সেয়ে এইসকলক অতি শীঘ্ৰে উচ্ছেদ কৰিবৰ বাবে নগঞা সচেতন লোকসকলে পুনৰ দাবী জনাইছে৷