
newnextone.com| নগাঁওঃ নগাঁও জিলাৰ ৰহাৰ সমীপৰ চাপৰ মুখস্থিত বি বি হানচুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোমবাৰে জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু বাৰপূজীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত এটি বৃহৎ স্বাস্থ্য মেলা অনুষ্ঠিত হয়৷ পুৱা ৯ বজাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে স্বাস্থ্য সমাবেশখনি উদ্ধোধন কৰে৷ নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা° অতুল চন্দ্ৰ পাটৰৰ পৌৰোহিত্যত অনুষ্ঠিত স্বাস্থ্যমেলা উদ্ধোধনী সভাত জিলা অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা, জিলা টিকাকৰণ বিষয়া ডা° জয়ন্ত কুমাৰ দাস, ৰ’হা চক্ৰ বিষয়া পল্লৱী কছাৰী, মহকুমা স্বাস্থ্য বিষয়া ডা° লক্ষীধৰ দাস, বিদ্যালয়ৰ অধ্যক্ষা জয়ন্তী কোঁৱৰ, জ্যেষ্ঠ চিকিৎসক ডা° দিলীপ শৰ্মা, ৰঞ্জন গোস্বামী, এন এইচ এমৰ জিলা আঁচনি বিষয়া শেখৰজ্যোতি হাজৰীকা, জিলা মিডিয়া এক্সপাৰ্ট ছৈয়দ ৰাহট টেনজিন আদিৰ লগতে চিকিৎসক, চিকিৎসা কৰ্মী, ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে৷
নিজৰ ভাষণত জিলা উপায়ুক্ত গৰাকীয়ে সকলো চৰকাৰী কৰ্মচাৰীকে মানৱ সেৱাক আগস্থান দি কৰ্তব্য কৰি যাবলৈ আহ্বান জনায়৷ উদ্ধোধনী অনুষ্ঠানটোৰ আঁত ধৰে বিপিএম মকিবুল হুছেইন আৰু এবিপিম চাৰুমনি বৰদলৈয়ে৷ স্বাস্থ্য মেলাখনত বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসকে সহস্ৰাধিক ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰে ৷ লগতে ৰোগী সকলক বিনামূলীয়া ঔষধ প্ৰদান আৰু ৰোগ পৰীক্ষা কৰি ছাত্ৰী সকলক ন্যূনতম মূল্যত নেপকিন যোগান ধৰে৷