- ভূটানত নিহত সুভাষ গোস্বামীৰ মৃতদেহ চমজি ল’বলৈ অমান্তি জাজৰি থানা
- ৪ ঘণ্টা ধৰি থানাৰ বাহিৰত থাকিল গোস্বামীৰ মৃতদেহ
- নিশা থানা চৌহদত উত্তপ্ত পৰিস্থিতি

নগাঁও,৮ডিচেম্বৰঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত বগৰিগুৰিৰ সৰবৰহী ব্যক্তি তথা ভূটানস্থিত গেমন ইণ্ডিয়াৰ মাংচু হাইড্ৰ ইলেকট্ৰিক পাৱাৰ প্ৰজেক্টত ফ'ৰমেন হিচাপে কৰ্মৰত সুভাষ চন্দ্ৰ গোস্বামীৰ ৰহস্যজনক ভাৱে এক দুৰ্ঘটনাত মৃত্যু হোৱা বুলি কোম্পানীটোৰ তৰফৰপৰা জনোৱাত পৰিয়ালৰ লোকসকল এতিয়া শোকত ভাগি পৰিছে।
ঘটনা সন্দৰ্ভত পৰিয়ালৰ সূত্ৰে জানিব পৰামতে, বিগত বছৰৰ ২০ ছেপ্তেম্বৰত ভূটানস্থিত গেমন ইণ্ডিয়াৰ 'মাংচু হাইড্ৰ' ইলেকট্ৰিক পাৱাৰ প্ৰজেক্ট'ত ফ'ৰমেন ৰূপে যোগদান কৰা সুভাষ গোস্বামী ৰ কৰ্মস্থলীতে এক শোকাৱহ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা বুলি ফোনযোগে পৰিয়ালৰ লোকক জনায় কোম্পানীটোৰ এজন বিষয়াই। বিষয়াজনে জনোৱা অনুসৰি, বৃহস্পতি বাৰে বিয়লি ভাগত নিজৰ কৰ্মৰত অৱস্থাত চিৰিৰে ওপৰ মহলালৈ গৈ থকা অৱস্থাত দুভাগ্যবশত: পিছলি গৈ কেইবা মিটাৰ উচ্চতাৰ পৰা তললৈ সৰি পৰে গোস্বামী। ঠিক সেই সময়তে উক্ত স্থানেৰ আহি থকা কোম্পানীটোৰ এখন গাড়ীয়ে গোস্বামীক মহতিয়াই নিয়াত কৰুণ মৃত্যুক সাবটি লয় । কিন্তু গোস্বামীৰ মৃত্যুৰ খবৰটো পৰিয়ালৰ লোকে সহজভাৱে ল'ব পৰা নাই।
আনহাতে শুক্ৰবাৰে নিশা ৭:৩০ বজাত মৃত গোস্বামীৰ মৃতদেহতো কোম্পানীতোৱে জাজৰি অাৰক্ষী থানালৈ লৈ অাহে, কিন্তু সেই সময়তে ঘটিল এক অনাহকৰ পৰিস্থিতি। নিয়মানুসৰি মৃতদেহ অনা বাহনখন থানালৈ অনা হয় যদিও অাৰক্ষীয়ে থানাত প্ৰৱেশ কৰিব নিদি থানাৰ সন্মুখৰ পৰা বাহনখন অাঁতৰাই লৈ যাবলৈ কৈ খেদি পঠিয়াই ৷ জাজৰি আৰক্ষী এনে অমানৱীয় কাণ্ডৰ বাবেই প্ৰায় ৪ ঘণ্টা ধৰি মৃতদেহ কঢ়িয়াই অনা বাহনখন মৃতদেহসহ জাজৰি থানাৰ সন্মুখতে ৰৈ থাকে।
আৰক্ষীৰ মৃতদেহৰ প্ৰতি দেখুওৱা এনে অশ্ৰদ্ধাৰ কথা জানিব পাৰি থানা চৌহদত বহুলোকৰ সমাগম হয় আৰু আৰক্ষীৰ বিৰুদ্ধে ক্ষোভিত জনতাই হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে ৷ অৱশ্যে পিছত থানাৰ এজন কৰ্মচাৰীয়ে মৃতদেহটোৰ ক্ষেত্ৰত কৰিবলগীয়া প্ৰয়োজনীয় কাম-কাজ সম্পন্ন কৰাতহে উত্তপ্ত পৰিস্থিতিৰ শাম কাটে ৷ মৃতদেহ এটাৰ প্ৰতি জাজৰি আৰক্ষীৰ এনে অমানৱীয় কাণ্ডই বৃহত্তৰ জাজৰি অঞ্চলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু সচেতন মহলে অাৰক্ষীৰ কৰ্মকাণ্ডক গৰিহনা দিছে।
উল্লেখযোগ্য যে, জাজৰি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত টিকেন্দ্ৰ নাথ গোস্বামী আৰু কুসুম গোস্বামীৰ তৃতীয় পুত্ৰ সুভাষ গোস্বামী অঞ্চলত এগৰাকী আদৰ্শ কৃষক ৰূপেও পৰিচিত আছিল। প্ৰকৃততে গোস্বামীৰ মৃত্যু এক দুৰ্ঘটনা নে হত্যাকাণ্ড আছিল সেয়া ৰহস্যৰ আবৰ্তত ।
জয়ন্ত মুদৈ,নগাঁও