
কলিয়াবৰঃ বছৰ বছৰ ধৰি একাংশ সন্দেহজনক লোকে ৰাজ্য খনৰ বিভিন্ন ঠাইৰ ভূমি দখল কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। সত্ৰৰ ভূমিৰ লগতে নৈ পাৰৰ চৰ, চৰণীয়া পথাৰ একাংশ লোকে দখল কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ এই ভূমি সমূহ উচ্ছেদ কৰাৰ বাবে ৰাজ্য খনৰ দল-সংগঠনে বছৰ বছৰ ধৰি দাবী জনাই আহিছে৷ চৰকাৰী ভূমি সমূহ দখল মুক্ত কৰাৰ দাবীত প্ৰতিবাদো কৰি আহিছে ৰাইজে।
দৰং জিলাকে ধৰি বিভিন্ন জিলাত সময়ে সময়ে প্ৰতিবাদ কৰাৰ পিছতো যেন প্ৰশাসন-চৰকাৰে গুৰুত্ব আৰোপ কৰা দেখা নাযায়। শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ লিডুত ৰাইজৰ প্ৰবল প্ৰতিবাদত সেও মানি একাংশ সন্দেহজনক লোকৰ ঘৰ উচ্ছেদ কৰিবলৈ বাধ্য হয়৷ বহু জল্পনা-কল্পনাৰ অন্তত সোমবাৰে তিনিচুকীয়া প্ৰশাসনে সন্দেজনক নাগৰিকৰ ঘৰ উচ্ছেদ কৰে৷
ৰাইজৰ উগ্ৰৰূপে উচ্ছেদৰ সিন্ধান্ত লবলৈ বাধ্য কৰে প্ৰশাসনক৷ যোৱা সোমবাৰে মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত লিডুৰ মোলাং খামটি গাঁৱত পুৱাই জেচিবি লৈ বৃহ সংখ্যক আৰক্ষী-চিআৰপিএফৰ জোৱান উপস্থিত হৈ সন্দেহজনক নাগৰিকৰ বসতি উচ্ছেদ কৰা দেখ যায়৷ লিডুৰ খামটি গাঁৱৰ চৰ-চাপৰি এলেকাত দীৰ্ঘ দিন ধৰি অসমৰ বিভিন্ন এলেকাৰ পৰা আহি একাংশ সন্দেহযুক্ত লোকে বসবাস কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল৷
সন্দেহজনক লোকসকলে চৰ-চাপৰি আৰু বুঢ়ী-দিহিঙৰ পাৰত বহু মাটি নিজৰ দখললৈ নি খেতি-বাতি কৰি আহিছিল৷ একাংশ সচেতন লোক, দল-সংগঠনে তথা আলোচনা পন্থী আলফাই এই লোকসকলক উচ্ছেদ কৰাৰ দাবী উত্থাপন কৰি আহিছিল যদিও প্ৰশাসন তথা চৰকাৰে গুৰুত্ব আৰোপ কৰা নাছিল৷ কিছু দিন পূৰ্বে আলফা নেতা জিতেন দত্তই নিজৰ ফেচবুক একাউন্টত এখন ফটো পোষ্ট কৰি দহ দিন সময় বান্ধি দিছিল লিডুৰ অবৈধ নাগৰিকৰ বসতি উচ্ছেদ কৰিবৰ বাবে৷
কিন্তু দহ দিন অতিক্ৰম কৰাৰ পিছতো প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাত ১২নৱেম্বৰত আলফা নেতা জিতেন দত্ত খোদ লিডুৰ বুঢ়ী-দিহিঙৰ পাৰত সন্দেহজনক নাগৰিকৰ বসতি উচ্ছেদ কৰিবৰ বাবে উপস্থিত হয়৷ আলোচনাপন্থী আলফাৰ এটা দলে লিডুৰ বুঢ়ী-দিহিঙৰ পাৰত সন্দেহজনক নাগৰিকৰ বসতি উচ্ছেদ কৰিব যোৱাৰ সময়ত এগৰাকী গাঁওবুঢ়াৰ সৈতে প্ৰথমে মুখামুখি হয় দলটোৱে৷ উক্ত গাঁওবুঢ়াগৰাকীয়ে টকা লৈ সন্দেহজনক নাগৰিকসকলক চৰাকৰী মাটি বহাৰ সুবিধা কৰি দিছিল৷
দেওবাৰে জিতেন দত্ত সহিতে আলফাৰ দলটো উপস্থিত হোৱাৰ পিছতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে লংকা-কাণ্ড সংঘটিত হয়৷ আৰক্ষীৰ সৈতে হতাহতি হোৱাৰ লগতে প্ৰশাসনে বহু বাধা দিয়াৰ পিছতো কোনো লোকে বুঢ়ী-দিহিঙৰ পাৰত সন্দেহজনক লোকৰ ঘৰ সমূহ জ্বলাই দিয়ে৷ তাৰ পিছতে উচ্ছেদৰ সমৰ্থনত শ-শ লোক উত্তেজিত হৈ পৰে৷
উত্তজিত লোকসকলে আন আন পৰিয়াল কেইটাৰ ঘৰত অগ্নি সংযোগ কৰিবলৈ উদ্যত হোৱাৰ সময়তে উপায়হীন হৈ আৰক্ষীয়ে লাঠি চালনা কৰাৰ পিছতে সমবেত একাংশ লোক ছত্ৰ ভংগ দিয়াত আলফা নেতা জিতেন দত্ত সহিতে আন্টু চাওদাং আৰু ধীৰেণ ফুকণক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আহে৷ তাৰ পিছতে ৰাইজ পুনৰ ক্ষোভিত হৈ পৰে৷ ইয়াৰ পিছতে যেন সন্দেহজনক নগৰিকে বসবাস কৰি থকা ন’ ন’ ঠাই পোহৰলৈ আহিছে৷
এইবাৰ নগাঁও জিলাৰ কিছু কিছু ঠাইত থলুৱাই ব্যৱহাৰ কৰি থকা চৰকাৰী ভূমি সন্দেহজনক লোকে দখল কৰাৰ অভিযোগ উত্থাপন হৈছে৷ বিশেষকৈ কলিয়াবৰৰ বালিদুৱাৰৰ ৰিৰ্জাভৰ ভূমি একাংশ লোকে দখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হয়৷ প্ৰায় ৫০০ বিঘাৰ ৰিজাৰ্ভ খন সংকোচিত হৈ অহাৰ অভিযোগ উত্থাপন হৈছে৷ পূৰ্বে এই ভূমি বালিদুৱাৰৰ আশে পাশে থকা লোকে চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰি আহিছিল৷ কিন্তু একাংশ লোকে এই ভূমি দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ ৰাইজে এই ভূমি বেদখল মুক্ত কৰাৰ দাবী জনায় ৰাজ্য চৰকাৰ, নগাঁও জিলা প্ৰশাসনক৷ স্থনীয় ৰাইজে তিনিচুকীয়াৰ লিডুৰ দৰে নগাঁও জিলাৰ প্ৰশাসনক সস্তম হ’বলৈ দাবী জনায় ৰাইজে৷