মেধাবী ছাত্ৰ মুনক মাতৃয়ে দিব কিডনি, সংৰোপনৰ বাবে লাগে টকা

newsnextone.com | কলিয়াবৰঃ গ্ৰাম্য এলেকাৰ সাধাৰণ পৰিয়ালৰ লোকে কেইটামান টকাৰ বাবে কেনেদৰে হাহাকাৰ কৰিবলগীয়া হয় সেয়া গম পোৱা যায় তেতিয়া, যেতিয়া পৰিয়ালটোৰ এগৰাকী লোক ৰোগত আক্ৰান্ত হয়৷ কোনোমতে দিন হাজিৰা কৰি, সাধাৰণ কাম কাজ কৰি পৰিয়াল পোহপাল দিয়া পৰিয়ালটোৰ যেতিয়া নিজ সন্তানটোৱে বিচনাত পৰি দিন পাৰ কৰে তেতিয়া বুজা পোৱা যায় দৰিদ্ৰ হোৱাটো অভিশাপ নে পাপ৷

গৰীৱ পৰিয়ালৰ কোনো সদস্য ৰোগত আক্ৰান্ত হয়, তেন্তে পৰিয়াললৈ নামি আহে ঘোৰ অন্ধকাৰ৷ সেই কথা বহুবাৰ বহুজনৰ ক্ষেত্ৰত প্ৰমাণ হৈছে৷ অসম মুলুকত দৰিদ্ৰ পৰিয়ালৰ কোনো সদস্যৰ সাধাৰণ ৰোগ হ’লে কেনে ধৰণৰ পৰিস্থিতি হয় সেই কথা নতুনকৈ বুজাই কোৱাৰ প্ৰয়োজন নাথাকে৷ কোৱা বাহুল্য যদিও চৰকাৰী ব্যৱস্থাই কল্যাণ সাধিব নোৱাৰে দৰিদ্ৰ পৰিয়ালৰ৷ 

কেন্দ্ৰ-ৰাজ্য চৰকাৰে গৰীৱৰ বাবে কোটি কোটি টকা খৰছ কৰি চিকিৎসালয় স্থাপন কৰে যদিও গৰীৱৰ বাবে সেয়া ফুটুকাৰ ফেন হৈ পৰে৷ বিশেষকৈ অসমৰ গ্ৰাম্য এলেকাৰ চিকিৎসা সেৱা এক প্ৰহসনহে মাথোন৷ গৰীৱক উপযুক্ত সেৱা আগবঢ়াবলৈ নাথাকে চিকিৎসক, দৰৱ তথা আন আন সুবিধা৷ ৰাজ্যৰ গ্ৰাম্য এলেকাত প্ৰতিখন চৰকাৰে চিকিৎসালয় স্থাপন কৰে যদিও সেয়া কেৱল এটা জকা হে মাথোন৷ 

সাধাৰণ ৰোগ হলে আন কথা আৰু যটিল ৰোগত আক্ৰান্ত হয় কোনো লোক তেতিয়া হ’লে উপযুক্ত চিকিৎসা সেৱা বিচাৰি হায়ৰান হ’ব লগা হয় দৰিদ্ৰ পৰিয়াল৷ তেনেদৰেই হায়ৰান হ’ব লগা হৈছে নগাঁও জিলাৰ কলিয়াবৰৰ এগৰাকী ছাত্ৰ৷ বৃক্কৰ ৰোগত আক্ৰান্ত হৈ বিচনাতে সময় অতিবাহিত কৰিব লগা হৈছে কলিয়াবৰৰ লাঙীগাঁৱৰ এগৰাকী মেধাবী ছাত্ৰই৷ 

কলিয়াবৰ মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ মুন আলিৰ দুয়োটা বৃক্ক বিকল হৈ পৰে৷ ১৮ বছৰীয়া ছাত্ৰ মুন আলিৰ ২০১৮ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা অৱতীৰ্ণ হ’ব লাগিছিল যদিও অসুস্থতাৰ বাবে পৰীক্ষাত বহিব নোৱাৰিলে৷ পিতৃ-মাতৃয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নিজ পুত্ৰৰ চিকিৎসা কৰি দুয়োটা বৃক্ক বিকল হৈ পৰা বুলি অৱগত হয়৷

একমাত্ৰ পুত্ৰৰ মুন আলিৰ বৃক্কৰ চিকিৎসাৰ বাবে প্ৰয়োজন বুজন পৰিমাণৰ ধনৰ৷ কৰ পৰা লাভ কৰিব তাৰেই চিন্তাত দিন পাৰ কৰিব লগা হয়৷ অৱশ্যে, নিজ পুত্ৰৰ আৰোগ্য কৰিবলৈ মাতৃ অনু বেগমে পুত্ৰক দান কৰিব নিজৰ এটা বৃক্ক। কিন্তু, বৃক্ক সংস্থাপনৰ বাবে প্ৰয়োজন বহু টকাৰ৷ কিন্তু এতিয়াও ধন যোগাৰ কৰাটো সম্ভৱপৰ হৈ উঠা নাই দৰিদ্ৰ পৰিয়ালটোৰ বাবে। 

দিন-হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃ চিৰাজুদ্দিন আহমেদে কেনেকৈ যোগাৰ কৰিব নিজ পুত্ৰৰ চিকিৎসাৰ খৰছ৷ প্ৰায় ৪ লাখ টকা প্ৰয়োজন পৰিয়ালটোক৷ প্ৰয়োজনীয় ধনৰ অভাৱৰ বাবেই এতিয়া বিচনাতে দিন পাৰ কৰিবলগীয়া হৈছে দুৰ্ভগীয়া পৰিয়ালটোৰ সন্তানে। স্থানীয় লোক তথা দল-সংগঠনে পৰিয়ালটোলৈ সহায়-সহযোগিতা আগবঢ়াইছে যদিও সেয়া পৰ্যাপ্ত নহয়। ৰাইজৰ পৰা আৰ্থিক সাহাৰ্য্য বিছাৰিছে দৰিদ্ৰ পৰিয়ালটোৱে। কোনো লোকে পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰিব বিছাৰে, তেন্তে মুন আলিৰ পিতৃৰ অসম গ্ৰামীণ বিকাশ বেংক, কুঁৱৰীটোল শাখা, 7254026002342 একাউণ্ট নম্বৰত সাহায্য প্ৰদান কৰিব পাৰে৷