
নগাঁওঃ এতিয়া ৰবিশস্যৰ বতৰ৷ আলু, কবি, বেঙেনা, বিলাহী, পিঁয়াজ, গাঁজৰ, মূলা, ফেচবিন, সৰিয়হ আদিকে ধৰি বিভিন্ন প্ৰকাৰৰ শাক-পাচলিৰে কৃষিভূমি উপচি পৰাৰ বতৰ ৷ সম্প্ৰতি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ গ্ৰামাঞ্চলবোৰৰ কৃষি ভূমিসমূহো ৰবিশস্যৰে সেউজীয়া হৈ পৰিছে৷ ইয়াৰ ভিতৰত সৰিয়হ আৰু আলু খেতিয়েই অধিক পৰিমাণে নগঞাৰ কৃষিভূমিত অগ্ৰাধিকাৰ পোৱা পৰিলক্ষিত হৈছে৷
যাৰ ফলত সৰিয়হৰ কুমলীয়া পাত আৰু হালধীয়া ফুলে জিলাখনৰ কৃষি-পথাৰসমূহ ভৰি পৰি এক মনোমোহা পৰিবেশৰ সৃষ্টি কৰিছে৷ স্মৰ্তব্য যে, বিগত কেইবাটাও বছৰৰ তুলনাত এইবেলি প্ৰকৃতি ধানখেতিৰ বাবে অনুকূল হোৱাত অধিকাংশ নগঞা কৃষকেই কম-বেছি পৰিমাণে হ’লেও ধানখেতি সুকলমে কৰিবলৈ সক্ষম হয়৷ গতিকে স্বাভাবিকতেই উৎফুল্লিত হৈ পৰা এই কৃষকসকলে বৰ্তমান ধানখেতি সামৰি পুৰাদ্দমে ৰবিশস্যৰ খেতিত একাত্মভাবে মনোনিবেশ কৰিছে৷
এইসকল অতি কষ্ট সহিষ্ণু কৃষকে সম্পূৰ্ণ যুদ্ধংদেহী মনোভাবেৰে অলেখ আশা বুকুত বান্ধি প্ৰৱল উৎসাহ সহিতে ৰাজ্যৰ আন আন ঠাইৰ দৰে নগাঁও জিলাতো চৰকাৰে কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৃষিখণ্ডৰ লগতে কৃষকসকল উপকৃত হ’ব পৰাকৈ ৰূপায়ণ কৰা অভিলাষী আঁচনিবোৰ গ্ৰহন কৰি ৰবিশস্যৰ বীজ ৰোপন কৰিছে৷ গতিকে জিলাখনৰ অত্যুৎসাহী উদ্যমী কৃষকসকলে এইদৰে শৰীৰৰ ঘাম মাটিত পেলাই হাড়ভগা পৰিশ্ৰম কৰি সম্প্ৰতি ৰবিশস্যৰে খেতিপথাৰ ভৰাই তুলি যেন সূচনা কৰিছে সেউজ বিপ্লবৰ৷
আনকি এই কৃষক শ্ৰেণীটোৰ বাহিৰেও বহুসংখ্যক শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে চাকৰিৰ আশা মনৰ পৰা ত্যাগ কৰি সম্পূৰ্ণৰূপে কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোনো কোনোৱে নিজাববীয়াকৈ নাইবা কোনোৱে আকৌ সমবায় ভিত্তিত গ্ৰামাঞ্চলৰ শ শ বিঘা কৃষিভূমিত আলু, সৰিয়হ, কবি, মূলা, মাহ আদিকে ধৰি নানা প্ৰকাৰৰ শাক-পাচলিৰ খেতি কৰি শস্য পথাৰ জাকত জিলিকাকৈ নদন-বদন কৰি সৃষ্টি কৰিছে সৰ্বত্ৰে এক নান্দনিক পৰিবেশৰ৷