বাল্যবিবাহ প্ৰথা বন্ধ কৰাৰ বাবে ঐক্যবদ্ধ হ’ল নগাঁৱৰ টুকটুকীৰ ৰাইজ

নগাঁওঃ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিয়ে শিশু শ্ৰমিক আৰু বাল্যবিবাহ প্ৰথা বন্ধ কৰাৰ বাবে কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ অধিনৰ টুকটুকী আঞ্চলিক সমিতিৰ উদ্যোগত কটহগুৰি কলেজ খেল পথাৰত অৱসৰ প্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী আবুবক্কৰ ছিদ্দিকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন সভাত এই সমস্যা সমূহ সমাধানৰ পোষকতা কৰে সংগঠনটোৱে৷ 

সভাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আবুবক্কৰ ছিদ্দিকে মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে, সংখ্যালঘু সমাজত বিশেষভাৱে শিশু শ্ৰমিক আৰু বাল্যবিবাহ প্ৰথাই গ্ৰাস কৰি আহিছে বুলি কয়। এই দুই প্ৰথাক যেতিয়ালৈকে নিঃশেষ কৰা নহয় তেতিয়ালৈকে সমাজত উন্নয়ন সাধন নহয়। শিশু শ্ৰমিক আৰু বাল্যবিবাহ প্ৰথা বন্ধ কৰাৰ বাবে সকলোৱে ঐক্যবদ্ধ ভাৱে ওলাই আহিবলৈ আহিব লাগে বুলি কয়। 

সভাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আবুবক্কৰ ছিদ্দিকে আৰু কয় যে সংগ্ৰাম পৰিষদে সদায়ে জাতিৰ স্বাৰ্থত কাম কৰি আহিছে। সভাখনত পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি এহিয়া হাচান আনচাৰীয়ে উপস্থিত থাকি কয় যে শিক্ষাৰ মাধ্যমৰে হে আমাৰ সমাজ ব্যৱস্থাক পৰিৱৰ্তন কৰিব লাগিব৷ 

অসম সংখ্যালঘূ  সংগ্ৰাম পৰিষদৰ নৱ গঠিত বৃহত্তৰ টুকটুকী আঞ্চলিক সমিতিৰ বিষয়-ববীয়াক অঞ্চলটোৰ সমস্যাসমুহ সমাধানৰ ক্ষেত্ৰত ৰাইজক সদায়ে সহায় কৰিবলৈ আগবাঢ়ি যাবলৈ আহবান জনায়। সভাখনত উচ্চ শিক্ষিত যুৱক শ্বহিদুল ইছলামক সভাপতি আৰু আতাবুৰ ৰহমানৰ, মতিউৰ ৰহমানক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া সংগ্ৰাম পৰিষদৰ বৃহত্তৰ টুকটুকী আঞ্চলিক সমিতিখন গঠন কৰা হয়।

আগন্তুক দিনত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উদ্যোগত টুকটুকী অঞ্চলত নাৰী নিৰ্যাতনৰ, বাল্য বিবাহ, শিশু শ্ৰমিকে ধৰি বিভিন্ন কু-সংস্কাৰ সমুহ ৰোধ কৰিবলৈ  এখন বিশাল সজাগতা সভা অনুষ্ঠিত কৰিব বুলি সংগ্ৰাম পৰিষদ সম্পাদক আবুবক্কৰ ছিদ্দিকে সাংবাদিকক জানিবলৈ দিয়ে। সভাখনত পৰিষদৰ নগাঁও জিলা সমিতিৰ  সদস্য মাইনুল হক, সমাজকৰ্মী মৌলানা মোজ্জামিল হুছেইনকে প্ৰমুখ্যে অঞ্চলটোৰ প্ৰায় শতাধিক লোক উপস্থিত আছিল।