অৱশেষত প্ৰাপ্যৰপৰা বঞ্চিত মৃদুপৱন বৰাই পালে ন্যায়

♦ কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্থায়ী অধ্যক্ষ নিযুক্তি

নগাঁওঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অধীনৰ মাধ্যমিক শিক্ষা সঞ্চালকালয় (ডি এছ ই)ৰ কেতবোৰ কৰ্ম-কাণ্ড আৰু দুৰ্নীতি-অনিয়মে সমগ্ৰ শিক্ষা জগতখনকে কলুষিত কৰি অহাৰ সময়তে শেহতীয়াকৈ ৰাজ্য চৰকাৰ আৰু ন্যায়ালয়ৰ হস্তক্ষেপত অৱশেষত যোগ্য ব্যক্তিক স্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিবলৈ বাধ্য হ’ল মাধ্যমিক শিক্ষা সঞ্চালকালয়৷

প্ৰাপ্ত তথ্য মতে, নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ অধীনৰ কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্থায়ী অধ্যক্ষ নিযুক্তিত দীৰ্ঘদিনে যোগ্যজনক বঞ্চিত ৰাখিছিল মাধ্যমিক শিক্ষা সঞ্চালকালয়ে৷

আনকি গোপন বুজাবুজিৰে সমগ্ৰ ব্যস্থাটো সংশ্লিষ্ট বিভাগটোয়ে প্ৰহসনত পৰিণত কৰি তুলিছিল৷ কিন্তু সংবাদ মাধ্যমৰ বাতৰি তথা ন্যায়ালয়ৰ হেঁচাৰ বাবেই অৱশেষত মাধ্যমিক শিক্ষা সঞ্চালকালয়ে যোগ্যজনক নিযুক্তি দিবলৈ বাধ্য হ’বলগীয়াত পৰে৷

উল্লেখ্য,যোৱা ২০১৬ চনৰ ১২ ডিচেম্বৰত শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থায়ী অধ্যক্ষ নিযুক্তিৰ প্ৰক্ৰিয়া মতে নিৰ্বাচক কমিটিয়ে কৌশলগতভাৱে দুগৰাকী জ্যেষ্ঠ শিক্ষক-শিক্ষয়িত্ৰী যথাক্ৰমে মৃদুপৱন বৰা আৰু দিপা বৰুৱাক নিৰ্বাচিত কৰি পঠিয়ায়৷

কিন্তু কৰ্মক্ষেত্ৰত নিৰ্বাচিত শিক্ষয়িত্ৰী দিপা বৰুৱাতকৈ মৃদুপৱন বৰা কেইমাহমানৰ জ্যেষ্ঠ হোৱাৰ বিপৰীতে অধ্যক্ষ নিৰ্বাচনৰ ক্ষেত্ৰত যিবোৰ বিভাগীয় নিৰ্দেশাৱলী জাৰি কৰা হৈছিল সেই সকলোবোৰতে মৃদুপৱন বৰা দিপা বৰুৱাতকৈ যোগ্য বিবেচিত হোৱাৰ উপৰি দিপা বৰুৱা কেইবাটাও দিশত মৃদুপৱন বৰাতকৈ বহু তলত বিবেচিত হোৱা দেখা যায়৷

পিছে কৌশলগতভাৱে নিৰ্বাচক কমিটিৰ যিজন সদস্য সচিব আছিল, তেওঁ নীতি বৰ্হিঃভূতভাৱে জ্যেষ্ঠজনক উপযুক্ত তথ্য থকাৰ পাছতো অকলে নিৰ্বাচিত নকৰি বেমেজালিৰ সৃষ্টি কৰাৰ উদ্দেশ্যেই মৃদুপৱন বৰা আৰু দিপা বৰুৱাক সমভাৱে নম্বৰ দি জিলা পৰিদৰ্শক কাৰ্যালয়লৈ দুয়োৰে নাম প্ৰেৰণ কৰে৷

আচলতে নিয়ম মতে, দুজনৰ নম্বৰ সমান হ’লে পুনৰাই নতুনকৈ নিৰ্বাচন প্ৰক্ৰিয়া হ’ব লাগে যদিও তেনে কৰা নহ’ল৷ তাৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে যোৱা বৰ্ষৰ ৩০ এপ্ৰিলত প্ৰকাশ কৰা স্থায়ী অধ্যক্ষৰ তালিকাত দিনৰ ১২ বজালৈকে কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন অধ্যক্ষৰ নাম প্ৰকাশ হোৱা নাছিল যদিও ৰহস্যজনকভাৱে বিয়লি ভাগলৈ সকলোকে স্তম্ভিত কৰি স্থায়ী অধ্যক্ষ হিচাপে দিপা বৰুৱাৰ নামটো তালিকাত প্ৰকাশ পায়৷

শিক্ষা বিভাগৰ এনে কাৰ্যত হচকিত হৈ পৰা অধ্যক্ষ পদৰ আনগৰাকী প্ৰাৰ্থী মৃদুপৱন বৰাই ৰাজ্য চৰকাৰৰ সেই সময়ৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত ASE-82/2014/PT-৷৷/190 নং নিৰ্দেশৰদ্বাৰা দিপা বৰুৱাৰ নাম স্থায়ী অধ্যক্ষৰ তালিকাৰপৰা কৰ্তন কৰায়৷ কিন্তু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ উৰ্ধ্বতন বিষয়াই গোপন বুজাবুজিৰে ২০১৭ চনৰ ২২ জুনত চৰম অনিয়মেৰে পুনৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰে দিপা বৰুৱাক৷

লগে লগে এনে অনিয়মৰ বিপৰীতে এইবাৰো মৃদুপৱন বৰাই শিক্ষামন্ত্ৰীৰ জৰিয়তে পুনৰাই উক্ত আদেশ বাতিল কৰি আকৌ অধ্যক্ষ নিৰ্বাচনৰ নিৰ্দেশ দিয়ালে যদিও ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰীৰ হুকুমকো মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সেইসকল দুৰ্নীতিগ্ৰস্ত বিষয়াই কৰ্ণপাত নকৰি দুয়োপক্ষৰ শুনানি গ্ৰহণ নকৰাকৈ দিপা বৰুৱাক স্থায়ী অধ্যক্ষৰ চকীত বহুৱায়৷

ইফালে, দিপা বৰুৱাই কেছ নং-WP(C)4577/2017 ৰ জৰিয়তে গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা গোচৰৰ ভিত্তিত  মৃদুপৱন বৰাৰ সপক্ষেহে ন্যায়ালয়ে ৰায় প্ৰদান কৰে আৰু দুয়োকে চিঠি নং GB--EST/CC/131/2018 ৰদ্বাৰা শুনানি ২৪ জুলাইৰ পৰা ২৪ অক্টোবৰৰ ভিতৰত গ্ৰহণ কৰাৰ আদেশ জাৰি কৰে৷ কিন্তু দুৰ্নীতি আৰু অনিয়মেৰে টেটুলৈকে পোট গৈ থকা মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ন্যায়ালয়ৰ আদেশকো ভৰিৰে মোহাৰি যোৱা ৫ অক্টোবৰত শুনানি গ্ৰহনৰ দিন ধাৰ্য কৰে যদিও দিপা বৰুৱা সেই দিনা উপস্থিত নাথাকিল৷

গুৰুত্বপূৰ্ণ কথাটো হ’ল এনে শুনানিৰ বেলিকা উপস্থিত থকা পক্ষৰ পক্ষে শুনানিৰ ৰায় যাব লাগে যদিও মৃদুপৱন বৰাৰ ক্ষেত্ৰত সেয়া কৰা নহ’ল৷ কিন্তু বঞ্চিত প্ৰাৰ্থী মৃদুপৱন বৰাই অলপো সেও নামানি এনে অন্যায়ৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি যোৱাত অৱশেষত ন্যায় পাবলৈ সক্ষম হয় ৷ ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছত যোৱা ২১ ডিচেম্বৰত চিঠি নং ASE 82/2O14/Pt-lll/108 ৰ জৰিয়তে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধ্যক্ষই মৃদুপৱন বৰাক স্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰে৷