নগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ অস্থায়ী কৰ্মচাৰীৰ মৃত্যু

প্ৰতিকী ফটো
প্ৰতিকী ফটো

নগাঁওঃ এইবাৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হ’ল বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ৷ নগাঁও জিলাৰ হয়বৰগাঁৱৰ ধিং গেটত বিদ্যুৎস্পৃষ্ট হৈ এজন অস্থায়ী কৰ্মচাৰীৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী কৰ্মচাৰী গুৰুতৰভাৱে আহত হয়৷

বিকল তাঁৰ মেৰামতি কৰি থাকোতেই সংঘটিত হয় এই ঘটনা। নিহত লোকজন মোহন চেঙা চমুৱা আৰু আহতজনৰ নাম মণ্টু বড়ো বুলি জানিব পৰা গৈছে।

দুয়োৰে ঘৰ মৰিগাঁৱৰ গেৰুৱাত। বিভাগীয় কৰ্তৃপক্ষৰ ভুলৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। নগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে ৰাইজে ঘটনাৰ তদন্ত দাবী কৰিছে।