‘আমি কি পাপ কৰিছো’, নগাঁও কাগজ কলৰ দৰমহা নোপোৱা অস্থায়ী কৰ্মচাৰীৰ আৰ্তনাদ

জাগীৰোডঃ ভাবিছিলো লৰা-ছোৱালী খিনিক কাপোৰ এযোৰ দিও৷ বিহু বুলি এসাজ ভালকৈ খাম৷ তেওঁলোকে পেটত লাট মৰাই নহয় আমাৰ ককাঁল ভাঙিবলৈ বিচাৰিছে৷ কিহৰ কাৰণে? আমি কি পাপ কৰিছো৷ এই মন্তব্য মৰিগাঁও জিলাৰ জাগীৰোডস্থিত কাগজ মিলৰ অস্থায়ী কৰ্মচাৰীৰ৷

শুকুৰবাৰে অস্থায়ী কৰ্মচাৰীসকলে কলটোৰ মুখ্যদ্বাৰলৈ ওলাই আহি কলটো কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে তেওঁলোকৰ মান সন্মান বোলা বস্তুটো নাই নেকি৷ 
ইমান পঢ়া শুনা কৰি মেনেজমেণ্ট চম্ভালিছে৷ যোৱা কালিলে ডিচি মহোদয়ে আমাক এমাহৰ দৰমহা দিম বুলি কৈছিল৷ বাকী পিছত দিম বুলি কৈছিল৷ সেই কথা আমি মানি লৈছিলো৷ এই মানুহ খিনিৰ কি অৱস্থা কৰিলে৷ কিয় এনে অৱস্থা কৰিলে৷ 

ধিক্কাৰ দিছো এনে মেনেজমেণ্টক৷ সেই কাৰণে আমি নগাঁও কাগজ মিলৰ মুখ্যদ্বাৰত উপস্থিত হৈছো৷ মৰিগাঁৱৰ নগাঁও কাগজ কলৰ অস্থায়ী কৰ্মচাৰীসকলে শুকুৰবাৰে ৰলটোৰ মুখ্যদ্বাৰলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ ১৯ মাহে দৰমহা নাপায় পুনৰ কাগজ কলৰ মুখ্যদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰি শুকুৰবাৰে তেওলোকৰ মৰ্ম বেদনাৰ কথা উল্লেখ কৰে৷ বিহুৰ পূৰ্বে এমাহৰ দৰমহা আদায় দিয়াৰ প্ৰতিশ্ৰুতি দি অৱশেষত ১৯৭গৰাকী অস্থায়ী কৰ্মচাৰীক ৰামঠগন দিয়ে কল কৰ্তৃপক্ষই।

বহাগৰ বিহুলৈ মাজত এদিন বাকী থকা অৱস্থাত দৰমহা নাপায় আন্দোলন কৰিব লগা হোৱাত ক্ষোভিত হৈ কৰ্মচাৰীসকল এই মন্তব্য প্ৰকাশ কৰে৷ চৰকাৰে নগাঁও কাগজ কল কৰ্তৃপক্ষ আৰু চৰকাৰৰ বিৰুদ্ধে শুকুৰবাৰে পুৱাৰে পৰা অস্থায়ী কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। 

জানিব পৰা মতে, অস্থায়ী কৰ্মচাৰীসকলে চলিত মাহৰ ভিতৰতে তিনিবাৰকৈ প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰ তথা কল কৰ্তৃপক্ষৰ বিৰুদ্ধে৷ তথাপিও এমাহৰো দৰমহা আদায় দিয়া নাছিল কল কৰ্তৃপক্ষই৷ প্ৰতিবাৰে প্ৰতিবাদ কৰাৰ সময়তে আশ্বাস দিয়ে যদিও পিছ মুহূৰ্ততে সকলো পাহৰি যায় কৰ্তৃপক্ষ আৰু চৰকাৰে৷ 

ফলত বাৰে বাৰে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হয় কৰ্মচাৰীসকলে৷ যোৱা ১১ এপ্ৰিলত অনশন কাৰ্যসূচী ৰূপায়ন কৰাৰ ফলত জিলা উপায়ুক্তৰ নেতৃত্বত আলোচনা হোৱাৰ ফলত এমাহৰ দৰমহা বিহুৰ পূৰ্বে আদায় দিয়াৰ কথা আছিল যদিও বিহুলৈ কেইঘণ্টামান বাকী আছে যদিও এমাহৰ দৰমহাটোকো লাভ নকৰাত পুনৰ সোচ্চাৰ হৈ পৰে কৰ্মচাৰীসকল৷

উল্লখ্য যে, নগাঁও কাগজ কলত ৩০ বছৰ ধৰি কাম কৰি থকা ১৯৭ গৰাকী অস্থায়ী কৰ্মচাৰীক চৰকাৰে দৰমহা নিদিয়াত কৰ্মচাৰীৰ পৰিয়াল সমূহে হাহাকাৰ কৰিব লগা হৈছে৷ কেৱল দৰমহা আদায় নিদিয়াই নহয় তেওঁলোকক চাটাই কৰিব বিচাৰি পান্সিং মেচিম উঠাই দিয়া বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ চৰকাৰে তেওঁলোকক অন্যায় কৰাৰ ফলত শনিবাৰে পুৱাৰে পৰা পুনৰ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

মৰিগাঁৱৰ নগাঁও কাগজ কলৰ স্থায়ী কৰ্মচাৰীসকলক চৰকাৰে তিনিমাহৰ দৰমহা আদায় দিয়ে যদিও ১৯৭ গৰাকী অস্থায়ী কৰ্মচাৰীক তিনিমাহৰ দৰমহা দিয়াতো দুৰৰ কথা কামৰ পৰা খেদিবলৈ উঠি-পৰি লাগিছে বুলি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ পৰিছে অস্থায়ী কৰ্মচাৰীসকলে৷

কাগজ কলৰ মুখ্য প্ৰৱেশ দ্বাৰত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ১৮ মাহে দৰমহা আদায় দিয়া আৰু চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবী জনায়৷ শীঘ্ৰে দৰমহা আদায় নিদিলে পুনৰ আমৰণ অনশন কৰাৰ ভাবুকি প্ৰদান কৰে কৰ্মচাৰীসকলে৷