বিশ্বকাপ ফুটবলৰ প্ৰতিখন মেচ উপভোগ কৰিব নোৱাৰি নগঞাৰ লাগিছে দুখ

newsnextone.com | নগাঁওঃ উত্তেজনাপূৰ্ণ হৈ পৰিছে বিশ্বকাপ ফুটবলৰ প্ৰতিখন মেচ৷ প্ৰতিখন মেচৰ প্ৰতিটো মুহূৰ্তই শিহৰিত কৰি তোলে প্ৰতিজন ফুটবলপ্ৰেমীক৷ সৃষ্টি হয় শ্বাসৰুদ্ধকাৰ পৰিবেশ৷ সীমাৰ পৰিধি ভাঙি সৰ্বত্ৰে জনপ্ৰিয়তাৰ তুংগত থকাৰ বাবেই বিশ্বকাপ ফুটবলক লৈ বহুদিনৰ আগৰে পৰাই অসমৰ নগৰ-চহৰৰ কথা বাদেই গাঁৱে-ভূঁঞে আৰম্ভ হৈছিল ফুটবলৰ চৰ্চা৷ ক’ব পাৰি ফুটবল জ্বৰ বুলিয়েই৷ 

কাৰণ এক-ডেৰ মাহ আগৰে পৰা এই পৰ্যন্ত ফুটবলৰ আলোচনাই সকলোতে প্ৰাধান্য লাভ কৰা দেখিবলৈ পোৱা গৈছে৷ সৰ্বত্ৰে মাথোন ফুটবলৰ উন্মাদনা৷ ইফালে,প্ৰতি মুহূৰ্ততে উত্তেজনাৰে ভৰ-পূৰ এই প্ৰতিযোগিতাত অংশগ্ৰহন কৰা প্ৰতিটো দলেই মৰণ-পণ যুঁজেৰে বিপক্ষ দলৰ ওপৰত জপিয়াই পৰিছে৷ প্ৰত্যেকটো দলেৰে লক্ষ্য এটাই ফুটবলৰ শ্ৰেষ্ঠ্যতাৰ খিতাপটো অৰ্জন কৰা৷ 

যিমানেই ফুটবলৰ এই মহাৰণখন শেষ পৰ্যায়লৈ ধাৱমান হৈছে সিমানেই ফুটবলপ্ৰেমীৰ মাজত ইয়াক লৈ চলি থকা বিভিন্ন জল্পনা-কল্পনা দুগুণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ সম্প্ৰতি ডেকা-বুঢ়াৰ পৰা আৰম্ভ কৰি চেমনীয়ালৈকে আলোচনাৰ মূল বিষয় হৈছে ফুটবল৷ আনকি কিছুদিনৰ আগলৈকে কণ কণ শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈকে সকলোৰে মাজত ক্ৰিকেটেহে অধিক জনপ্ৰিয়তা অৰ্জন কৰি আছিল৷ 

সম্প্ৰতি ইংলেণ্ডৰ বিৰুদ্ধে খেলি থকা ভাৰতীয় ক্ৰিকেট দলটোৰ কথা ভাবিবলৈ বা খেলৰ বিষয়ে জানিবলৈ যেন কাৰোয়েই আগ্ৰহ নাই৷ কেৱল চহৰে-নগৰে, গাঁৱে-ভুঞে ফুটবল, কেৱল ফুটবলৰ চৰ্চা৷ ফুটবলপ্ৰেমীসকলে নিজৰ অজ্ঞাতে কোনোবা দলৰ পক্ষ লৈ সেইদলৰ হৈ বিজয়ৰ কামনা কৰিছে৷ আনকি অধিকাংশ লোকেই ঘাইকৈ যুৱচামে নিজৰ নিজৰ প্ৰিয় দলৰ হৈ বাজিও লগোৱা দেখা গৈছে৷ 

কিন্তু বিশ্বকাপ ফুটবলক লৈ গ্ৰামাঞ্চলৰ লোকসকলৰ মাজত বিৰাজ কৰা উৎসাহ-উদ্দীপনাত ব্যাঘাট জন্মাইছে নিম্নমানৰ বিদ্যুৎ সেৱাই৷ কিয়নো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাতো প্ৰায় এমাহ মানৰ আগৰে পৰা চৰম বিদ্যুৎ সংকটে দেখা দিছে৷ জিলাখনৰ গ্ৰাম্য অঞ্চলবোৰত বৰ্তমান দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত ১৪ ঘণ্টাও সুকলমে বিদ্যুৎ সেৱা ৰাইজে লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ 

একেৰাহে বহু সময় বিদ্যুৎ সৰবৰাহ ব্যাহত হৈ থকাৰ বিপৰীতে ৰাইজক বিদ্যুতৰ সঘন লুকাভাকুৱে একপ্ৰকাৰে অতিষ্ঠ কৰি তুলিছে৷ কাজেই সঘন লোডশ্বেডিঙে স্বাভাবিকতেই খেল উপভোগ কৰাত ব্যাঘাট জন্মাইছে নগঞা ফুটবলপ্ৰেমীক৷ প্ৰতি নিশাই অনুষ্ঠিত হোৱা খেলসমূহ উপভোগ কৰিবলৈ গঞাৰাইজ বহু হেপাঁহেৰে বাট চাই থাকে যদিও বিদ্যুৎ সংকটৰ বাবেই খেল উপভোগৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ সেয়ে খেল উপভোগৰ পৰা বঞ্চিত হোৱা ফুটবলপ্ৰেমীৰ ক্ষোভৰ বলি হ’বলগীয়া হৈছে বিদ্যুৎ বিভাগৰ তলৰ খাপৰ কৰ্মচাৰীসকল৷ তৎস্বত্তেও বিশ্বকাপ ফুটবল মহাৰণৰ উন্মাদনাই আৱৰি ৰাখিছে সমগ্ৰ নগাঁও জিলা৷