
newsnextone.com | বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাত অনুষ্ঠিত এটি সম্বৰ্ধনা অনুষ্ঠানত অংশ লৈ নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে উৰা বাতৰিক গুৰুত্ব প্ৰদান নকৰিবলৈ ৰাইজক আহ্বান জনায়৷ দেওবাৰে আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত সম্বৰ্ধনা সভাত সদ্য ঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা যাচে৷ ঐতিহ্যমণ্ডিত বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সমাজকৰ্মী ইন্দ্ৰ মোহন বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নগাওঁ জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে যিকোনো উৰা-বাতৰি বিয়পোৱা লোকক সকীয়নি প্ৰদান কৰি আৰক্ষীয়ে ছচিয়েল মিডিয়াত নজৰ ৰখা বুলি কয়৷
ৰাইজে ফেচবুক, হোৱাটছএপ ব্যৱহাৰৰ ক্ষেত্ৰত সজাগ হ’বলৈ আহ্বান জনাই যিকোনো বাৰ্তা ভালকৈ নপঢ়াকৈ বা বিবেচনা নকৰাকৈ আন আন ব্যক্তিলৈ কোনো কাৰণতে নপথাবলৈ আহ্বান জনায়৷ জিলা আৰক্ষী বিভাগে এনেদৰে ভুৱা আৰু উৰা-বাতৰি বিয়পোৱা চচিয়েল মিডিয়াত সক্ৰিয় ব্যৱহাৰকাৰীৰ ওপৰত চোকা নজৰ ৰাখিছে বুলি জানিবলৈ দি অভিভাৱকসকলক নিজৰ নিজৰ লৰা-ছোৱালীৰ মবাইল ইণ্টাৰনেট ব্যৱহাৰ ক্ষেত্ৰত দৃষ্টি ৰাখিবলৈ অনুৰোধ জনায়৷ বিজ্ঞানৰ এই অৱদানক ধনাত্মক দিশত ব্যৱহাৰ কৰি নিজৰ নিজৰ শৈক্ষিক দিশত সহায়ক কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷
আৰক্ষী বিষয়াগৰাকীয়ে অসম চুক্তি মৰ্মে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে অহা কোনো ভাৰতীয় নাগৰিকেই শংকতি হোৱাৰ কাৰণ নাই বুলি জনায়৷ কিবা কাৰণত যদি দ্বিতীয় খচৰাত কাৰোবাৰ নাম নাহে তেন্তে পুণৰ সেইসকলে নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ লাভ কৰিব বুলিও ৰাইজক আশ্বস্ত কৰে৷
নগাঁও জিলা অতিৰিক্ত উপায়ুক্ত লাচিত দাসে কৃতী ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক শুভচ্ছা জ্ঞাপণ কৰি ভৱিষ্যত সুন্দৰ হোৱাৰ কামনা কৰে৷ সভাত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে এন আৰ চি সম্পৰ্কে গুৰুত্বপূৰ্ন বক্তব্য আগবঢ়ায় কোনো প্ৰকৃত ভাৰতীয় নাগৰিকেই শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি ৰাইজক আশ্বাস প্ৰদান কৰে৷
সভাত উপস্থিত থাকি ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৃনাল বৰা, শিক্ষাবিদ ভোগেশ্বৰ বৰা, বটদ্ৰৱা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জণ গগৈয়ে গাঁওৰক্ষী বাহিনীৰ বিষয়-ববীয়াসকলক প্ৰশংসা কৰে৷