জুৰীয়া-ৰূপহীহাটত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে অ গ পৰ জোৰসমদল

নগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত শুকুৰবাৰে নগাঁও জিলাৰ অন্তৰ্গত জুৰীয়া আৰু ৰূপহীহাটত অ গ প দলে পৃথকে পৃথকে জোৰলৈ সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

অ গ পৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত জুৰীয়া আৰু ৰূপহীহাট আঞ্চলিক সমিতি দুখনৰ কেইবা শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা জোৰ সমদলত ধৰ্মৰ নামত শাসনাধিষ্ঠ বি জে পি চৰকাৰে গ্ৰহণ কৰা বিভাজনৰ নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে।