
newsnextone.com | নগাঁওঃ নগাঁৱৰ ৰাইডঙীয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে থলুৱা সাজ পোছাক পিন্ধি ৰাজ পথলৈ ওলাই আহিল ৰাইজ৷ বগা ধূতী-বগা কুৰ্ত্তা পৰিধান কৰি নগাও জিলাৰ ৰাইডঙীয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক আইন বাতিলৰ দাবীত মানৱ শৃংখল কাৰ্সূচী ৰূপায়ন কৰে৷
দেওবাৰে নগাঁও জিলাৰ ৰাইডঙীয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক আইন বাতিলৰ দাবীত ৰাজ পথলৈ উলাই আহিল কেইবা শতাধিক ৰাইজ। হাতে হাতে প্লে কাৰ্ড লৈ ৰাজ পথলৈ উলাই অহা লোকসকলৰ হুংকাৰ কোনো কাৰণতেই মানি লোৱা নহ’ব জাতি ধংসী বিধেয়ক।
জাতীৰ স্বার্থত প্ৰত্যেক জন অসমীয়া মুছলমানে গাত শেষ বিন্দু তেজ থকা লৈকে এই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ কৰি যাম বুলি কয়। যদি বিধেয়কখন আইনত পৰিণত হয় তেন্তে উলংগ হৈ প্ৰতিবাদ কৰিম আৰু প্ৰয়োজন সাপেক্ষে আত্মজাহ দিম বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে। দেওবাৰে মানৱ শৃংখলত অসমীয়াৰ জাতিৰ প্ৰতীক সকলোৱে গামোচা একোখনকৈ গামোচা উত্তোলন কৰি প্ৰতীকী অৰ্থত মানৱ শৃংখল ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইডঙীয়াৰ বিভিন্ন দল-সংগঠন নেতৃত্ব তথা ৰাইজে।