
নগাঁওঃ ৰঙালী বিহুলৈ উজনি-নামনিত বাপতি সাহোন ৰঙালী বিহুক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকাৰ সময়তে নগাঁও জিলাৰ ৰাইদঙীয়াত ৰাইজ ওলাই আহিল প্ৰতিবাদ কৰিবলৈ৷ ৰাইজে পশু চিকিৎসা সেৱা উন্নীতকৰণৰ দাবীত প্ৰতিবাদ কৰিবলৈ ওলাই আহে৷ হিয়াৰ আমঠু ৰঙালী বিহুলৈ মাত্ৰ এটা দিন থকা অৱস্থাত গঞাই বিহুৰ প্ৰস্তুতি কৰিবলৈ এৰি পশুধনৰ সুৰক্ষাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে৷
প্ৰতিবছৰে ৰঙালী ব’হাগ বিহু পালন কৰোতে প্ৰথমেই গো-সম্পদৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাইজে বেছ ওলহ-মালহেৰে গৰু বিহু পালন কৰে৷ সেয়ে এইবাৰ বিহুৰ প্ৰাকক্ষণত ৰাইজে পশু চিকিৎসা সেৱাৰ উন্নত কৰাৰ দাবী জনাবলৈ ঘৰৰ পৰা ওলাই অহা কাৰ্যই উদঙাই দিছে পশু চিকিৎসা সেৱাৰ নগ্ন ছবিখন৷ উল্লেখ্য, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমৰ নগাঁও জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী সাব্যস্ত কৰে গঞাই৷
প্ৰতিবাদকাৰীসকলে ৰাইদঙীয়াৰ বৰছিলা-ৰাইদঙীয়া সংযোগী গড়কাপ্তানী পথৰ দাতিতে থকা আইভেটী পশু চিকিৎসা আৰু কৃত্ৰিম গো-প্ৰজনন কেন্দ্ৰ প্ৰাংগণত সমবেত হৈ নগাঁও জিলাৰ বিভিন্ন স্থানত থকা পশু চিকিৎসা কেন্দ্ৰসমূহৰ পুনৰ নিৰ্মাণ, উন্নত মানৰ সা-সৰঞ্জাম প্ৰদান, সকলো চিকিৎসা কেন্দ্ৰতে পশু চিকিৎসক-চিকিৎসাকৰ্মী নিয়ো কৰা, চিকিৎসক-চিকিৎসাকৰ্মী উপস্থিতি নিয়মীয়া কৰা আৰু পশু চিকিৎসা কেন্দ্ৰবোৰত দীৰ্ঘদিনে খালী হৈ থকা সকলো পদ শীঘ্ৰে পূৰণ কৰাৰ দাবী জনাই পুৱা ১১ বজাৰ পৰা বিয়লি ২ বজালৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷
প্ৰতিবাদকাৰীসকলে নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী, স্থানীয় বিধায়িকা আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগ তথা কৃষি বিভাগৰ মন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰি দাবীসমূহ অনতি পলমে কাৰ্যকৰী কৰাৰ দাবী জনায়৷ প্ৰতিবাদী কাৰ্যসূচীত অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ দাস, নগাঁও জিলা সমিতিৰ সভাপতি প্ৰকাশ দাস, কাৰ্যকৰী সভাপতি কনক জিৎ দাস, সাধাৰণ সম্পাদক জগমোহন দাসকে প্ৰমুখ্য কৰি সংগঠনটোৰ কেইবাখনো আঞ্চলিকৰ বহুসংখ্যক বিষয়-ববীয়া আৰু স্থানীয় পুৰুষ-মহিলাই উপস্থিত থাকে৷