বেবেজীয়াত পথ দুৰ্ঘটনা, নিহত ১, আহত ১৬

নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ লগাত এজন লোকে অকাল মৃত্যুক আকোৱালি লয়৷ জানিব পৰা মতে, AS01-FC-8901 নম্বৰৰ এখন ট্ৰেভেলাৰ আৰু AS01-BC-6345 এখন ট্ৰাক মুখামুখি সংঘৰ্ষ লাগে৷

ফলত নগাঁও চহৰৰ এডিপি ৰোডৰ ঋষভ দাস নামৰ এজন লোকৰ মৃত্যু হয়৷ পথ দুৰ্ঘটনাটোত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে ট্ৰেভেলাৰৰ ১৬ জন যাত্ৰী গুৰুতৰ ভাৱে আহত হয়।

আহতসকলৰ কেইবাগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে আহত লোকসকলক নগাঁও অসামৰিক চিকিৎসায়ত ভৰ্তি কৰে। নিহতৰ সংখ্যা বৃদ্ধিৰ হোৱাৰো আশংকা কৰা হৈছে।