ব্যৰ্থ প্ৰমিলাৰাণীৰ বন বিভাগ, বিনিদ্ৰ ৰজনী কটাইছে নগাঁৱৰ হাজাৰ হাজাৰ লোকে

চামগুৰিঃ নগাঁও জিলাৰ শ-শ লোকৰ নিদ্ৰাহৰণ কৰিছে বনৰীয়া হাতীয়ে৷ নগাঁও জিলাৰ বিভিন্ন ঠাইত হাতী-মানুহৰ সংঘাত অব্যাহত থকাত নিদ্ৰাহৰণ হৈছে বহু লোকৰ৷ নিশা হলেই হাতীৰ আতংকই উজাগৰে থাকিব লগা হয়৷ হাতে হাতে লাঠি-জোং লৈ জুই লগাই পহৰা দিয়াত ব্যস্ত নগাঁও জিলাৰ শ-শ লোক৷ অসাধু চক্ৰই পাহাৰৰ গছ-গছনি কাটি তহিলং কৰাৰ ফলত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহাত বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷

ইমানৰ পিছতো বন বিভাগে অসহায় লোকসকলক সহায়ৰ বাবে ওলাই অহা পৰিলক্ষিত হোৱা নাই৷ দিনে-নিশাই কাঠ, বাঁহ আদিৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰখাত ক্ৰমাৎ টকলা হোৱা পাহাৰৰ পৰা নামি অহা জাক-জাক বনৰীয়া হাতীয়ে বছৰৰ বাৰ মাহতেই সৃষ্টি কৰিছে সন্ত্ৰাস৷ বন্যহস্তীৰ সন্ত্ৰাসৰ ফলত এতিয়া বিনিদ্ৰ ৰজনী যাপন কৰিবলগীয়া হৈছে নগাঁও জিলাৰ বঢ়মপুৰ, পুৰণিগুদাম আৰু চামগুৰিৰ ৰাইজে৷

শালনা আঞ্চলিক বন বিষয়া কাৰ্যালয় আৰু নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ১নং ভৰাগুৰি, ২নং ভৰাগুৰি, পদুমনি, পাম গাঁও, ব'ৰদল, দিলকাবস্তি, তেলীয়াগাঁও, শিঙিয়া, বালিজুৰি, চাপানালা, চলচলী, পতিয়াআটি, হালোৱাগাঁও, বামুনী, বৰবাৰী, চকৰিপাম, পতিয়াচুক, জলাহগাঁও, বঢ়মপুৰ, ননৈ, হাজৰিকা চুক, পোটনী, ঘোগৰ গাঁও আদিকে ধৰি প্ৰায় অৰ্দ্ধশতাধিক গাঁৱত দিনে নিশাই সৃষ্টি হোৱা বন্যহস্তীৰ সন্ত্ৰাসৰ ফলত স্থানীয় ৰাইজে ঘৰ-দুৱাৰকে আদি কৰি বহু হেক্টৰ কৃষিভূমি হেৰুৱাবলগীয়া হৈছে৷

ইফালে, চামগুৰি আৰু বঢ়মপুৰৰ বিভিন্ন অঞ্চলত কৃষক সকলে বন্যহস্তীৰ উপদ্ৰৱত পথাৰৰ কেঁচা ধানকে কাটিবলগীয়া হৈছে৷ বন্যহস্তীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে যোৱা নিশা শালনা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পুৰণিগুদাম নিকটৱৰ্তী জলাহগাঁৱত বন্যহস্তীৰ প্ৰায় ৭০-৮০ জনীয়া এটা দলে ওৰে নিশা সন্ত্ৰাসৰ সৃষ্টি কৰে৷ জানিব পৰা মতে, জলাহগাঁৱৰ পথাৰত বন্যহস্তীৰ দলটোৱে প্ৰায় পঞ্চাশ বিঘা মাটিৰ ধাননি পথাৰ অনিষ্ট কৰাৰ লগতে ৰাইজৰ বাৰীৰ গছ-গছনিয়ো ভাঙি তহিলং কৰে৷পাছত স্থানীয় ৰাইজে বন বিভাগৰ লোকক খবৰ দিয়াত বন বিভাগৰ এটি দল উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত বন্যহস্তী খেদাৰ ব্যৱস্থা কৰে৷উল্লেখ্য যে, হাতী আৰু মানুহৰ সংঘাতে দিনক-দিনে ভয়ংকৰ ৰূপ ধাৰণ কৰাত বৰ্তমান হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে বন-বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব৷