
নগাঁওঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত নিশাৰ ভিতৰতে কাঠফুলাৰ দৰে গঢ়ি উঠিছে ইখনৰ পাছত সিখন ব্যক্তিগত বিদ্যালয়। বিভাগীয় নীতি-নিৰ্দেশনা তথা চৰকাৰৰ কঠোৰ নিৰ্দেশনাক অগুষ্ঠ প্ৰদৰ্শন কৰি গঢ়ি উঠা এনে বিদ্যালয়ে কাল অমানিশা নমাই অানিছে কণ কণছাত্ৰ ছাত্ৰীৰ জীৱনলৈ।
ইয়াৰ অন্যতম উদাহৰণ হিচাপে জিলাখনৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত ধূপগুৰিত স্থাপিত নবোদয় জাতীয় বিদ্যালয়ৰ কথাকে ক’ব পাৰি৷ জানিব পৰা মতে, বহু বছৰৰ আগতে ধূপগুৰিত স্থাপন কৰা হৈছিল জে অাহমেদ জাতীয় বিদ্যালয় নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়৷ স্থাপিত কালৰেপৰা এই বিদ্যালয়খনে সুচাৰুৰূপে পৰিচালিত হোৱাৰ লগতে অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰতৰ উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিবলৈ সম্ভৱ হৈছিল।
কিন্তু চলিত বৰ্ষৰ ১৯ জুনত উক্ত বিদ্যালয়ৰপৰা মাত্ৰ এশ মিটাৰ নিলগতে নৱোদয় জাতীয় বিদ্যালয় নামেৰে অান এখন বিদ্যালয় স্থাপন কৰি প্ৰথম খন বিদ্যালয়ৰপৰা একাংশ ছাত্ৰ-ছাত্ৰীক অানি পাঠদান কাৰ্যসূচী অাৰম্ভ কৰে। কিন্তু শিক্ষা বৰ্ষৰ মাজভাগতে এনেদৰে নীতি বৰ্হিভূতভাবে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ বিষয়ে অভিযোগ স্থানীয় ৰাইজে বটদ্ৰৱা শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ হাতত অৰ্পন কৰে। এনে অভিযোগৰ ভিত্তিত জিলা শিক্ষা বিভাগে যোৱা ৩১ জুলাইত এক নিৰ্দেশনা জৰিয়তে নতুনকৈ স্থাপন হোৱা নৱোদয় জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষকক জবাবদিহি কৰে যদিও তেঁও চৰকাৰী নিৰ্দেশনালৈ কোনো কেৰেপ নকৰি পূৰ্বৰ দৰেই বিদ্যালয় চলাই যায়।
তাৰ পাছত স্থানীয় ৰাইজে জিলা উপাযুক্ত লিখিত অভিযোগ দিয়াত জিলা উপাযুক্তই বিভাগীয় কৃৰ্তপক্ষক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে৷ এইদৰে বিভাগীয় কৃৰ্তপক্ষই তদন্ত কৰি কোনো চৰকাৰী ডাইচ কোড নোহোৱাৰ লগতে জিলা প্ৰশাসনৰ কোনো ধৰণৰ অনুমতি অবিহনে চলি থকা ধূপগুৰি নৱোদয় জাতীয় বিদ্যালয় আজি জিলা প্ৰশাসনে স্থানীয় ৰাইজৰ লগতে বিদ্যালয় কৰ্তৃপক্ষৰ উপস্থিতিত বন্ধ কৰি দিয়ে।
শনিবাৰে পুৱা বিদ্যালয়খনত জিলা শিক্ষা বিভাগৰ বিষয়া বুদ্ধ কটকী, বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ বিষয়া বাহাৰুল ইছলাম, ধিং আৰক্ষী বিষয়ববীয়া উপস্থিত হৈ অবৈধভাৱে চলি থকা বিদ্যালয়খন বন্ধ কৰি দিয়ে।উল্লেখ্য যে, বৰ্তমান বিদ্যালয়খনৰ প্ৰায় তিনিশ ছাত্ৰ ছাত্ৰীৰ বছৰেকীয়া পৰীক্ষা চলি আছে। গতিকে এইসকল কণ কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ শংকিত হৈ পৰিছে অভিভাবকসকল৷ এনেদৰে সম্পূৰ্ণ ব্যৱসায়িক লক্ষ্যৰে বিদ্যালয় স্থাপন কৰি অবুজ শিশুক এক অন্ধকাৰ দিশে লৈ যোৱা কাৰ্যক সকলোয়ে ধিক্কাৰ দিছে৷