সুখ্যাতিৰে উত্তীৰ্ণ হৈছে শিক্ষক-শিক্ষয়িত্ৰীৰ পুত্ৰ, চকুলো টুকি কলে কোনে দিব সন্তানৰ পঢ়াৰ খৰছ

newsnextone.com | নগাঁওঃ গাঁও খনৰ এগৰাকী ছাত্ৰই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে৷ এই খবৰে গাঁও খনলৈ আৰু অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ পূৰ্বেই অনুমান কৰা মতেই ভাল ফলাফল লাভ কৰিলে ছাত্ৰজনে৷ সকলোৱে আশা কৰিছিল তেওঁ ভাল ফলাফল কৰিব বুলি৷ সেই মতে ফলাফল লাভ কৰিছে ছাত্ৰজনে৷ 

নগাঁও জিলাৰ মিলনৰ ভূমি খ্যাত বৰক’লাৰ ৰিতীন্দ্ৰ কুমাৰ ডেকা নামৰ মেধাবী ছাত্ৰজনৰ কথাকে কৈছো৷ পিতৃ-মাতৃ, ওচৰ চুবুৰীয়া, শিক্ষক, বন্ধুসকলে আশা কৰা মতেই ৰিতীন্দ্ৰই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ ডিষ্টিংচন লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে৷ ৰিতীন্দ্ৰ কুমাৰে অসমীয়াত ৯৬, ইংৰাজীত ৯২, সাধাৰণ গণিতত ৯৬, সাধাৰণ বিজ্ঞানত ৯২, সমাজ বিজ্ঞানত ৮৪ আৰু হিন্দীত ৮০ নম্বৰৰ সৈতে মুঠ ৫৪০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। 

কিন্তু ৰিতীন্দ্ৰৰ কথা চৰ্চা কিয় কৰিব লগা হ’ল৷ ৰিতীন্দ্ৰৰ পিতৃ-মাতৃ দুয়োগৰাকী উচ্চ শিক্ষিত লোক৷ দুয়োগৰাকীয়ে মেধা ছাত্ৰ আছিল একালত৷ শিক্ষা আহৰণ কৰি আন চাকৰি এৰি ৰিতীন্দ্ৰ পিতৃ-মাতৃয়ে শিক্ষাদানৰ দৰে মহৎ কাৰ্যত জৰিত হৈ থাকিবৰ বাবে শিক্ষকতা কৰিবৰ বাবে থিৰাং কৰিছিল৷ ভবা মতেই নগাঁও জিলাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান বৰক’লাৰ গুৰু শংকৰ-নানক এম ই স্কুলখনত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰিছিল ৰতীন্দ্ৰৰ পিতৃ ৰমনী ডেকা আৰু মাতৃ মনদ্বীপ কৌৰ ডেকাই৷

তেওঁলোকে বহু ছাত্ৰ ছাত্ৰীক জীৱনৰ বাট দেখুৱাইছে৷ বহু ছাত্ৰ-ছাত্ৰীৰ বাবে তেওঁলোক আদৰ্শ৷ অঞ্চলটোত ৰতীন্দ্ৰ পিতৃ-মাতৃৰ ভাল শিক্ষক হিচাপে নাম আছে৷ ৰিতীন্দ্ৰৰ পিতৃ-মাতৃৰ দূখ কুলাই পাচিয়ে নধৰা হৈছে৷ সমাজৰ হিতৰ বাবে শিক্ষাদানৰ দৰে কাৰ্যক বাচি লোৱা ৰতীন্দ্ৰৰ পিতৃ ৰমনী ডেকা আৰু মাতৃ মনদ্বীপ কৌৰ ডেকাই জীৱনৰ বেছি খিনি সময় শিক্ষকতা কৰি পাৰ কৰিলে যদিও তাৰ বিনিময়ত একোৱে নাপালে৷ কিয়নো বৰক’লাৰ গুৰু শংকৰ-নানক এম ই স্কুলখন আজিলৈ চৰকাৰে নকৰিলে প্ৰাদেশীকৰণ৷

৯০ শতাংশ নম্বৰৰে উত্তীৰ্ণ হোৱাৰ পিছতো তেওঁলোকে আনন্দ কৰিব লাগিছিল ফলাফল লাভ কৰাৰ পিছত চুলো টুকি পাৰ কৰিছিল ৰিতীন্দ্ৰ পিতৃ-মাতৃয়ে৷ পিতৃ-মাতৃয়ে শিক্ষকতা কৰিও চৰকাৰৰ ঘৰৰ পৰা এটকা লাভ নকৰাৰ ফলত ছাত্ৰজনৰ ঘৰুৱা অৱস্থা একেবাৰে শোচনীয়। ৰমনী ডেকা আৰু মাতৃ মনদ্বীপ কৌৰ ডেকাৰ ঘৰৰ ভেটি মাটিকণৰ বাহিৰে খেতি-মাটিও এডৰা নাই। সেয়ে অভাৱ-অনাটনৰ মাজেৰেই ৰিতীন্দ্ৰই পঢ়া-শুনা কৰি এই ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। 

এইক্ষেত্ৰত বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলেও যথেষ্ট সহায় কৰিছে মেধাৱী ছাত্ৰজনক। দৰিদ্ৰতাক নেওচি উন্নত ফলাফলৰে অঞ্চলটোত উজলি উঠা ৰিতীন্দ্ৰ কুমাৰ ডেকাই ভাল কলেজ এখনত বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ ইচ্ছা আছে যদিও ৰিতীন্দ্ৰক পঢ়ুৱাবলৈ পিতৃ-মাতৃৰ নাই টকা।

অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানত বিনা বেতনে আনক শিক্ষাদান কৰি জ্ঞানৰ পোহৰ বিলাই অহা ৰিতীন্দ্ৰৰ পিতৃ-মাতৃয়ে আজি নিজৰ সন্তান ভাল ফলাফল কৰাৰ পিছতো আনন্দিত হ’ব পৰা নাই৷ নিজ পুত্ৰক পঢ়ুৱাবৰ বাবে সমস্যাৰ চাকনৈয়াত পৰিবলগীয়া হৈছে। পিতৃ-মাতৃৰ বাবে ইয়াতকৈ আৰু দুখৰ বিষয় হয়টো একোৱেই হ’ব নোৱাৰে। মেধাবী ছাত্ৰজনে ভৱিষ্যতে আগুৱাই যোৱাৰ ক্ষেত্ৰত চৰকাৰ তথা দল-সংগঠনক সহায় কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে।

ৰিতীন্দ্ৰৰ পিতৃয়ে newsnextone.comৰ সাংবাদিকৰ সন্মুখত চকুলো টুকি একো কব নোৱাৰা হৈ পৰে৷ চকুলো টুকি বাৰে বাৰে হুমুনিয়া কাঢ়ি ভেন্সাৰ স্কুলৰ শিক্ষকৰ দুখ-দুৰ্দশা, দুৰ্গতি, আলৈ-বিলৈ কুলাই-পাচিয়ে নধৰা হৈছে বুলি কয়৷ দিনৰ দিনটো শিক্ষাদানৰ নামত ব্যস্ত থাকি জীৱন যৌৱন সকলো শেষ কৰা বুলি কৈ মোৰ দৰে হাজাৰ হাজাৰ শিক্ষকে এতিয়া হয়তো এনেদৰে হাহাকাৰ কৰিব লগা হৈছে বুলি কয় ৰমনী ডেকাই৷

এসাজ ভাত, বস্ত্ৰ, সন্তানৰ পঢ়াৰ খৰছৰ বাবে ৰাজ্যৰ শিক্ষকে আনৰ ঘৰত হাজিৰা কৰে৷ এনে খবৰে বৰকৈ দুখ দিয়ে৷ বহু শিক্ষাগুৰুৱে আনৰ গাড়ী চলাব লগা হৈছে, দিন হাজিৰা কৰিব লগা হৈছে৷ বহু শিক্ষকে পৰিয়াল পোহপাল দিব নোৱাৰি আত্মাহত্যা কৰিছে৷

বহু শিক্ষকে ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰিবৰ বাবে হাতত অৰ্থ নোহোৱাৰ বাবে বিনা বেতনে পৃথিৱীৰ পৰা মেলানি মাগিছে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল  চৰকাৰে চৰম মিথ্যাচাৰৰ আশ্ৰয় লৈ ভেন্সাৰ শিক্ষানুষ্ঠানৰ হেজাৰ হেজাৰ শিক্ষক-কৰ্মচাৰীৰ জীৱনৰ সৈতে হেতালি খেলি আছে।

যোৱা বিধান সভা অধিৱেশনত প্ৰাদেশিকীকৰণ সম্পৰ্কীয় কেইবাখনো সংশোধনী বিল উত্থাপন কৰা হ'ব বুলি কৈ অৱশেষত এখনো উত্থাপন নকৰি ভেন্সাৰ শিক্ষক-কৰ্মচাৰীক উপলুঙা কৰাই নহয় তেওঁলোকৰ জীৱনলৈও নমাই আনিছে অনিশ্চয়তা৷ আমি এতিয়াও আশাবাদী ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভৰ্টাচাৰ্যই এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি আশা কৰে ৰমনী ডেকাই৷