২০১৮ৰ ১ জানুৱাৰীৰ পৰা বৰ্দ্ধিত হাৰত মজুৰি দিয়াৰ দাবী, কন্দলীত চাহ শ্ৰমিকৰ প্ৰতিবাদ

newsnextone.com | নগাঁওঃ ২০১৭ চনৰ ৩১ ডিচেম্বৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ম্যাদ অন্ত পৰে৷ ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা চাহ শ্ৰমিকসকলে বৰ্দ্ধিত মজুৰি লাভ কৰিব লাগিছিল যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ বাবেই বৰ্দ্ধিত মজুৰি পাবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ চাহ শ্ৰমিকসকলে৷ যাৰ ফলত বাৰে বাৰে আন্দোলন কৰিব লগা হৈছে চাহ শ্ৰমিকসকলে৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চাহ শ্ৰমিকে প্ৰতিবাদ কৰি অহাৰ সময়তে শুকুৰবাৰে নগাঁৱত চাহ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰি ১৩৭ টকাৰ পৰিৱৰ্তে ৩৫০ টকালৈ মজুৰি বৃদ্ধিৰ  কৰাৰ দাবী জনায়৷ 

অসমৰ চাহ শ্ৰমিক সকলক চৰকাৰে প্ৰতাৰণা কৰি অহাৰ প্ৰতিবাদত একপ্ৰকাৰ উত্তাল হৈ পৰে নগাঁৱৰ কন্দলী৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁৱৰ কন্দলীত চাহ শ্ৰমিকসকলে চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ  সাব্যস্ত কৰে৷ ৰাজ্যৰ শ্ৰম বিভাগৰ মন্ত্ৰীৰ অধ্যক্ষতাত চৰকাৰে গঠন কৰি দিয়া মজুৰি নিৰ্ধাৰণ উপদেষ্টা মণ্ডলীৰ এক গুৰুত্বপূৰ্ণ সভাত চাহ শ্ৰমিকৰ মজুৰি আৰু বকেয়া ঘোষণা কৰা হৈছিল ৷ 

কিন্তু আজিকোপতি সেই ঘোষণা কাৰ্যকৰী নোহোৱাত চৰকাৰক শ্ৰমিক বিৰোধী আখ্যা দি অসন্তুষ্ট হৈ পৰিছে শ্ৰমিকসকল৷ শুকুৰবাবে পুৱা বাগিচাৰ কাম এৰি কাৰ্যালয়ৰ সন্মুখত শ্ৰমিকসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷