
নগাঁওঃ সৰিয়হৰ ডুলিতেই ভূত বুলি কোৱা কথাষাৰ মনত আছে নহয় আপোনালোকৰ৷ এই কথাষাৰকে প্ৰমাণ কৰিলে নগাঁৱৰ চোৰে৷ কথাষাৰৰ সততে আৰক্ষীৰ ক্ষেত্ৰত ব্যৱহাৰ হয়৷ যাৰ বাবে এইবাৰো আৰক্ষীৰ ক্ষেত্ৰতে ব্যৱহাৰ হ’ল৷ কিয়নো আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই আৰক্ষী থানাৰ সন্মুখতে থকা এখন দোকান চুৰি কৰি চোৰে হে প্ৰমাণ কৰিলে আচলতে সৰিয়হৰ ডুলিতেই ভূত লুকাই থাকে৷
আৰক্ষীৰ হৈ এই কথা যেন চোৰে হে প্ৰমাণ কৰিলে৷ নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ সন্মুখতেই চোৰৰ চাফাই অভিযান চলাই মঙলবাৰে নিশা৷ বেবেজীয়া চাৰিআলিৰ থানাৰ সন্মুখতে থকা এছ বি ট্ৰেডাৰ্চ নামৰ পাইকাৰী ব্যৱসায়ীক প্ৰতিষ্ঠানখনত চোৰৰ লুটপাট চলাই৷ ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ ছিলিং ভাগি চোৰে ভিতৰত প্ৰবেশ কৰি লুটি নিলে নগদ ৪৫ হাজাৰ টকা৷
ব্যৱসায়ীক প্ৰতিষ্ঠানখনত থকা চি চি টিভি কেমেৰা ভাগি পেলায় চোৰে৷ কুম্ভকৰ্ণ নিদ্ৰাত বেবেজীয়া আৰক্ষী৷ এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ দায়িত্ব আৰু কৰ্তব্যক লৈ ক্ষুভিত অঞ্চলবাসী ৰাইজ৷ ঘটনা সংক্ৰান্তত ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ স্বৰ্ত্তাধিকাৰীয়ে আৰক্ষী চকীক গোচৰ দাখিল কৰিছে৷ দায়িত্বজ্ঞানহীন আৰক্ষীয়ে গতানুগতিকভাবে প্ৰাথমিক তদন্ত চলাইছে যদিও চোৰৰ কোনো শুং-সূত্ৰ বাহিৰ কৰিব পৰা নাই৷