চৰকাৰ সলনি হ’ল, অভ্যাস সলনি নহ’ল নগাঁও পৰিবহন কাৰ্যালয়ৰ কৰ্মচাৰীৰ

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

নগাঁওঃ নগাঁও জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত দুই কৰ্মচাৰীৰ চূড়ান্ত মইমতালিয়ে সৰ্বসাধাৰণ ৰাইজক চৰম হাৰাশাস্তিৰ সন্মুখিন হৈ আহিছে৷ অভিযোগ মতে,'বৰা' উপাধিৰ উচ্চ বৰ্গৰ সহায়ক আৰু 'সৰকাৰ' উপাধিৰ নিম্ন বৰ্গৰ সহায়ক হিচাপে কৰ্মৰত এই মতগৰ্বী কৰ্মচাৰী দুজনে প্ৰতিদিনে পুৱা ১১ বজাৰ পিছতহে কাৰ্যালয়ত উপস্থিত হোৱাৰ হেতু কাৰ্যালয়ৰ কাম-কাজ সম্পাদনত বেমেজালিৰ সৃষ্টি হৈ আহিছে৷ প্ৰতিদিনে পলমকৈ আহি দুই-তিনি ঘন্টা সময় থাকিয়েই কাৰ্যালয় এৰাৰ ফলত কাৰ্যালয়ৰ কাম-কাজত একপ্ৰকাৰে স্থবিৰতা আহি পৰিছে৷

ইয়াৰে উচ্চ বৰ্গৰ সহায়কজনে ব্যৱসায়িক যান-বাহনৰ পাৰ্মিটৰ কামৰ দায়িত্বত থকাৰ বিপৰীতে নিম্ন বৰ্গৰ সহায়কজন আছে ব্যক্তিগত সৰু বাহনৰ চালকৰ অনুজ্ঞাপত্ৰৰ কাম দায়িত্বত৷ কাজেই, অতি গুৰুত্বপূৰ্ণ দায়িত্বত থকাৰ পিছতো কৰ্মচাৰী দুজন নিতৌ পলমকৈ কাৰ্যালয়লৈ অহাৰ বাবে যান-বানৰ পঞ্জীয়ন আৰু চালকৰ অনুজ্ঞাপত্ৰৰ কাম নিৰ্দিষ্ট সময়ৰ পৰিৱৰ্তে তিনি-চাৰি মাহতো সম্পূৰ্ণ নহয় বুলি অভিযোগ তুলি একাংশ লোকে ৷ফলত গাথিৰ ধন ভাগি তাতবাতি কাঢ়িবলগীয়াত পৰে সৰ্বসাধাৰণ ৰাইজে৷

মনকৰবলগীয়া কথাটো হ’ল,দৈনিক ব্যক্তিগত গাড়ীত গুৱাহাটীৰ পৰা অহা-যোৱা কৰা এই ধুৰন্ধৰ কৰ্মচাৰী দুজনে এনেদৰে চৰম অনিয়মৰ মাজেৰে নিজা কৰ্ম-সংস্কৃতি গঢ়ি তোলাৰ পিছতো জিলা পৰিবহন বিষয়া গৰাকীয়ে ৰহস্যজনকভাবে ধৃতৰাষ্ট্ৰৰ ভূমিকাহে পালন কৰি আহিছে ৷বৰ্তমান একপ্ৰকাৰে কাৰ্যালয়টোত 'উঠি ৰজা বহি ৰজা' হৈ পৰা এই কৰ্মচাৰী দুজনে আকৌ উৎকোচৰ বেহা কাৰ্যালয়টোত চলাই থকাৰো গুৰুত্বৰ অভিযোগ উঠিছে৷ সেয়ে এই কৰ্মচাৰী দুজনক নাকী লগাই কাৰ্যালয়টোৰ পৰিবেশ সুস্থিৰ কৰি তুলিবৰ বাবে বিভাগীয় উৰ্ধ্বতন কৰ্তৃপক্ষৰ প্ৰতি দাবী জনাইছে নগঞা সচেতন লোকসকলে৷