নৱক কোনে গুলীয়ালে, নগাঁৱত কাৰ কাৰ হাতত আছে অস্ত্ৰ

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

বঢ়মপুৰঃ নৱ সিনহাৰ আক্ৰমনকাৰীক আটক কৰিব নোৱাৰাতপ্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগাঁৱৰ বঢ়মপুৰত৷ বঢ়মপুৰৰ আমনিত দুদিন পুৰ্বে নিশা প্ৰায় ১০বজাত দুৰ্বৃত্তই গুলীয়াই হত্যাৰ চেষ্টা চলাইছিল নৱ সিনহা নামৰ যুৱকজনক৷ দেহত গুলী লাগি কথমপি প্ৰাম ৰক্ষা পৰা গুৰুতৰ ভাবে আহত নৱ চিকিৎসাধীন হৈ আছে যদিও ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্তক আজিও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই৷

নৱই ঘটনাটোৰ সৈতে স্থানীয় জনৈক ৰাজীৱ বৰদলৈ আৰু জনৈক পদুম বৰা জড়িত থকা বুলি অভিযোগ কৰাৰ পিছতো আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ত কৰিব নোৱাৰা বিষয়টোৱে সচেতন মহলে সহজভাৱে লব পৰা নাই৷ গুৱাহাটীৰ জি এন আৰ চিত চিকিৎসাধীন হৈ থকা সিনহাৰ পত্নীয়ে আন এজন লোক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ লগতে আৰক্ষীয়ে ঘটনাক গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন কৰে৷

সাধাৰন ব্যৱসায়ী সিনহাক দুৰ্বৃত্তই কিয় বন্দুকেৰে আক্ৰমন কৰিলে সেয়া আজিও পোহৰলৈ অহা নাই৷ নগাঁও আৰক্ষীয়ে অভিযুক্তৰ নাম পোৱাৰ পিছতো কৰায়ত্ত কৰিবলৈ বিশেষভাৱে তৎপৰতা নেদেখুৱা বুলিহে অভিযোগ উত্থাপন হৈছে৷ নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে অভিযুক্তক বৰ্তমানলৈকে পলাতক অৱস্থাত আছে বুলি বুধবাৰে সাংবাদিকৰ আগত মন্তব্য কৰে৷

এজন সাধাৰণ লোকক গুলিওৱা এই ঘটনাই প্ৰমাণ কৰে যে দৰাচলতে জিলাখনত এতিয়া একাংশ লোকে অস্ত্ৰ মুকলি কৈ লৈ ফুৰি যাকে ইচ্ছা তাকেই গুলীয়াব পৰা পৰিবেশ হ’ল৷ তাকে লৈ ৰাইজ শংকিত হৈ পৰিছে৷ আনহাতে প্ৰতিদিনে আৰক্ষীয়ে গিজগিজাই থকা নগাঁৱত কেনেকৈ দুৰ্বত্তই অস্ত্ৰ লৈ ফুৰিছে তাক লৈয়ো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷