বৰ্হিঃৰাজ্যত চলন্ত ৰে’লৰপৰা নিখুজ নগাঁৱৰ যুৱক

জয়ন্ত মুদৈ, নগাঁওঃ কৰ্মসংস্থাপনৰ বাবে যোৱা নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত কাকমাৰীৰ এজন যুৱক বৰ্হিঃৰাজ্যত চলন্ত ৰে’লৰপৰা সন্ধানহীন হোৱা এক ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

প্ৰাপ্ত তথ্য মতে, কাকমাৰী বৰবড়িৰ নিতুমনি ডেকা (২২) নামৰ নিবনুৱা যুৱকজন কৰ্মসংস্থাপনৰ বাবে একে অঞ্চলৰে আন তিনিজন যুৱকৰ সৈতে যোৱা দেওবাৰে পুৱা ৬ বজাত ৰে’লৰে গুৱাহাটীৰপৰা বেংগালুৰু অভিমুখে যাত্ৰা কৰে৷

এনেদৰে যাত্ৰা কালতেই সোমবাৰে নিশা প্ৰায় চাৰে দহ বজাত লগৰীয়া যুৱককেইজনৰ কাষৰপৰা প্ৰস্ৰাৱ কৰিবলৈ ট্ৰয়লেটলৈ যোৱাৰ পাছৰেপৰাই চলন্ত ৰে’লতেই সন্ধানহীন হৈ পৰে নিতুমনি৷ পাছত নিতুমনিক বহু বিচাৰ-খুচাৰ কৰিও কোনো সম্ভেদ নোলোৱাত নিশা প্ৰায় চাৰে এঘাৰ মান বজাত লগত যোৱা যুৱককেইজনে নিতুমনিৰ ঘৰলৈ ফোনৰ জৰিয়তে নিখুজ হোৱাৰ বিষয়ে অৱগত কৰাৰ লগতে চেন্নাই আৰক্ষীকো ঘটনাৰ সবিশেষ ব্যক্ত কৰে৷

উল্লেখ্য, উক্ত ৰে’লতে যাত্ৰা কৰা এজন লোকে নিতুমনি ৰে’লৰপৰা তললৈ পৰি যোৱা দেখা পোৱা বুলি লগৰীয়া যুৱককেইজনক জানিবলৈ দিয়ে যদিও কিদৰে পৰি গ’ল সেই সন্দৰ্ভত কিন্তু অজ্ঞাতাহে প্ৰকাশ কৰে৷ সেয়ে কোনো দুৰ্বৃত্তই নিতুমনিৰ পকেটত থকা ম’বাইল ফোন আৰু নগদ চাৰি হাজাৰ টকা লুট কৰি পাছত ৰে’লৰপৰা পেলাই দিয়া বুলি সন্দেহ ব্যক্ত কৰিছে পৰিয়ালৰ লোকে৷

ইফালে, নিতুমনিৰ দুৰ্ভগীয়া পৰিয়ালৰ লোকে আজি যুৱকজনৰ নিখুজ সন্দৰ্ভত স্থানীয় জাজৰি আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে৷