
নলবাৰীঃ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ৰাসথলী নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ ৮৪ সংখ্যক ৰাস মহোৎসৱ ৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব। ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হোৱা এইবাৰৰ ৰাস মহোৎসৱৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত সদৌ অসম ভিত্তিত নাগাৰা নাম আৰু ঢুলীয়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
মহোৎসৱৰ সভাপতি তথা বিধায়ক অশোক কুমাৰ শৰ্মা, সাধাৰণ সম্পাদকদ্বয় মনোজ চৌধুৰী, পংকজ বৰ্মন আৰু সাংস্কৃতিক বিভাগৰ তত্বাবোধায়ক ৰাতুল ৰয়ে জনোৱা মতে অহা ৫, ৬, ৭ নৱেম্বৰত নাগাৰা নাম আৰু ৮, ৯নৱেম্বৰত ঢুলীয়া প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। নাগাৰা নামত অংশগ্ৰহণকাৰী প্ৰতিযোগীয়ে ২০ টকা ভৰ্তি মাচুল আদায় দিব লাগিব৷ লগতে নাগাৰা নামত ব্যৱহৃত বাদ্যযন্ত্ৰ প্ৰতিযোগীয়ে নিজাববীয়াকৈ আনিব লাগিব৷
প্ৰতিযোগীয়ে থলুৱা সাজপাৰ ব্যৱহাৰ কৰিব লাগিব৷ ইফালে আয়োজক সমিতিয়ে জনোৱা মতে ঠুলীয়া প্ৰতিযোগিতাৰ বাবে কোনো ভৰ্তি মাচুল নাই৷ নামনি অসমৰ অন্যদতম লোক সংস্কৃতি এই দুই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক সকলক ২ নৱেম্বৰৰ আগতে যোগদান কৰিবলৈ আয়োজক সমিতিয়ে আহ্বান জনাইছে৷ তদুপৰি অধিক জানিবৰ বাবে ৯৮৫৪১৬৪৬৬০ আৰু ৮৮২২৩১৩১৭০ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ কৰিছে।