
নলবাৰীঃ বাক্সা জিলাৰ জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাৰ সমীপৰ ঢেকিয়াবস্তীত পথ দুৰ্ঘটনা সংঘটিত হৈ এজনৰ যুৱকৰ মৃত্যু হোৱাত উত্তেজিত হৈ পৰে ৰাইজ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ লোক উত্তেজিত হৈ পৰে৷ উত্তেজিত লোকসকলে আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত উত্তেজনাই বিৰাজ কৰে অঞ্চলটোত৷
জানিব পৰা মতে, অবৈধভাৱে শিল কঢ়িওৱা ট্ৰেক্টৰ এখনৰ খুন্দাত মনোজ গিৰি নামৰ ২১ বছৰীয়া যুৱক এজনৰ মৃত্যু হয়৷ বাক্সা জিলাৰ নয়াবস্তীৰ মনোজ গিৰি তেওৰ বন্ধু শ্যাম গিৰিয়ে AS-01-M-6569 নম্বৰৰ বাইকেৰে কুমাৰীকাটা-জালাহ গড়কাপ্তানী পথেৰে ঘৰৰ পৰা গোৰেশ্বৰৰ ভোলাঝাৰলৈ আহি আছিল৷
কুমাৰীকাটাৰ সমীপৰ ঢেকিয়াবস্তীত শিল-বালিমহলৰ পৰা শিল কঢ়িয়াই অনা AS-28-C-3739 নম্বৰৰ এখন তীব্ৰবেগী ট্ৰেক্টৰে পিচফালৰ পৰা খুন্দা মৰাত মনোজ আৰু শ্যাম উঠি অহা বাইক খনত৷ ফলত দুয়ো যুৱকে শৰীৰত বেয়াকৈ আগাত পায়৷ মনোজ গিৰিয়ে মুৰত গুৰুতৰ আঘাট পোৱাত ততাতৈয়াকৈ কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷
দুৰ্ঘটনা হোৱাৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে আৰু ট্ৰেক্টৰখনত অগ্নি সংযোগ কৰে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলোৱাৰ সময়ত আৰক্ষীৰে ৰাইজৰ হতাহতি পৰ্যন্ত লাগে৷ কুমাৰীকাটাৰ কালা নৈত আৰু দৰংগা নৈত কেইবাটাও শিল-বালিৰ মহলৰ পৰা আৰক্ষী আৰু বন বিভাগৰ চকুৰ সন্মুখেৰে প্ৰতিদিনে ট্ৰাক-ট্ৰেক্টৰেৰে শিল বালি নিতৌ কঢ়িয়াই আহিছে যদিও প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷