
ফিল’বাৰীঃ আত্মসমৰ্পণ কৰিলে বনৰজাই৷ কেইবাদিন ধৰি বাঘৰ আতংক বিৰাজ কৰি থকাৰ সময়তে বেচেৰা বনৰজা আবদ্ধ হ’ল পিঞ্জিৰাত৷ উজনিৰ তিনিচুকীয়াৰ চহৰৰ সমীপৰ গেলাপুখুৰীত যোৱা কেবাদিন ধৰি এটি বাঘক লৈ সৃষ্টি হৈছিল আতংকৰ৷
তাৰ পিছতে শুকুৰবাৰে পুৱাই পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী। বন বিভাগে যোৱা কেবাদিন ধৰি অহৰহ প্ৰচেষ্টাৰ অন্তত দেওবাৰে মাংসৰ লোভত পিঞ্জিৰাত সোমাই আবদ্ধ হয় বাঘটোৱে৷ নাহৰফুটুকী পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে বাঘ চাবলৈ শ-শ লোকে ভিৰ কৰে।
গেলাপুখুৰী অঞ্চলত দীৰ্ঘদিন ধৰি বাঘে ত্ৰাস চলাই গৰু, ছাগলী ভক্ষণ কৰি আহিছিল৷ বৃহস্পতিবাৰে বন বিভাগে অঞ্চলটোত এটা পিঞ্জৰা স্থাপন কৰাৰ পাছত এটা নাহৰফুটুকী জালত পৰে৷