নলবাৰীৰ দৌলগোবিন্দপুৰত ১৪৯ বছৰীয়া দৌলউৎসৱৰ শুভাৰাম্ভ

বৰনৰ্দ্দীঃ নলবাৰী ১৪৯ বছৰীয়া ইতিহাস প্ৰসিদ্ধ দৌলগোবিন্দপুৰৰ দৌলউৎসৱটি বুধবাৰৰপৰা অহা ২২ মাৰ্চলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে।  

নলবাৰীৰ যজ্ঞসেন বৰকাকতি ক্ষেত্ৰত অনুষ্ঠিত দৌল উৎসৱৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৯ বজাত ধৰ্মধ্বজা উত্তোলন, ৯-৩০ বজাত স্মৃতিচাৰণ অনুষ্ঠান, ১০ বজাত গছপুলি ৰোপনেৰে কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়।   

আজি আবেলি ৪ বজাত শোভাযাত্ৰা, সন্ধিয়া ৫-৩০ বজাত দৌল উৎসৱ উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই। স্মৰণিকা উদ্বোধন কৰিব মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে। ৭ বজাত গন্ধসবাহ, দৌল উৎসৱৰ মাংগলিক অনুষ্ঠানত বন্তি প্ৰজ্বলক হিচাপে থাকিব অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, নলবাৰীৰ আৰক্ষী অধীক্ষক অমনজিৎ কৌৰ, অসমীয়া প্ৰতিদিন কাকতৰ উপ-সম্পাদক অঞ্জন শৰ্মা, পূব গুৱাহাটী বিহু সন্মিলনিৰ সাধাৰণ সম্পাদক দ্বীপজোতি মিশ্ৰ, সভাপতি বসন্ত দাস।৭-৩০ বজাত আতচবাজী, ৮-৩০ বজাত নাগাৰানাম৷

দ্বিতীয় দিনা ১০ বজাত সমুহীয়া হ’লী, ১ বজাত ভোগ বিতৰণ, ২ বজাত কলহ ভঙা প্ৰতিযোগিতা, আবেলি ৩ বজাত হোলী গীত প্ৰতিযোগিতা, সন্ধিয়া ৬-৩০বজাত আতচবাজী আৰু সাংস্কৃতিক অনুষ্ঠান। তৃতীয় দিনা ৯ বজাত চিত্রাংকন প্ৰতিযোগিতা প্ৰতিযোগিতা, ৯-৩০ বজাত পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা, ২ বজাত ৰাধাকৃষ্ণ প্ৰতিযোগিতা, ২-৩০ বজাত গোঁসাই প্ৰতিযোগিতা, গধূলি ৬-৩০ বজাত আতচবাজী, গধুলি ৭ বজাত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত গীত পৰিৱেশন কৰিব গান্ধব্য সাংস্কৃতিক গোষ্ঠী, মানস ৰবীন, নিৰ্মালী দাস আৰু কল্লোল বৰঠাকুৰে।