কৃষি বিষয়া মৌচুমী দাসক নিলম্বন, দল-সংগঠনৰ আদৰণী

প্ৰতিকী ফটো
প্ৰতিকী ফটো

নলবাৰীঃ দুৰ্নীতিৰ বিৰুদ্ধে যেন সস্তম ৰাজ্যৰ বিজেপি চৰকাৰ৷ অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণ কৰি কেইবাগৰাকী এচিএছ-এপিএছ বিষয়াক গ্ৰেপ্তাৰ কৰাৰ সময়তে নলবাৰী জিলা কৃষি বিভাগৰ বিতৰ্কিত কাৰ্যবাহী অভিযন্তা মৌচুমী দাসক নিলম্বন কৰে ৰাজ্য চৰকাৰে। বিভাগৰ আয়ুক্ত সচিবে বৃহস্পতিবাৰে বিয়লি অভিযন্তা গৰাকীক নানা দুৰ্নীতি, অনিয়মৰ অভিযোগত নিলম্বিত কৰে বুলি জানিব পৰা গৈছে।

মাহত আঠ-ন দিন হে কাৰ্যালয়ত উপস্থিত থকা কাৰ্যবাহী অভিযন্তা জনে তলতীয়া বিষয়া-কৰ্মচাৰীক অভব্য আচৰণ কৰাৰো অভিযোগ উত্থাপন হৈ আহিছে৷ বিগত তিনিমাহ পূৰ্বে মৌচুমী দাসে এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক অশ্লীল ব্যৱহাৰ কৰাৰলগতে আন কৰ্মচাৰীৰ হতুৱাই মাৰপিট কৰিছিল। ইমানতে ক্ষান্ত নাথাকি কৰ্মচাৰী জনৰ পত্নীক ফোনেৰে ভাবুকি দিছিল কাৰ্যবাহী অভিযন্তা জনে। পিছত কৰ্মচাৰী জনে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰে৷

বুধবাৰে বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পৰিয়ালৰ লোকে যাৱতীয় কামৰ বাবে অভিযন্তা জনৰ ওচৰত চাপিছিল। পৰিয়ালৰ লোকৰ পৰা ধন বিছৰাৰ অভিযোগ উত্থাপন হয়। পিছত যুৱকজনে উপায়ুক্তক জনোৱাত উপায়ুক্তই এগৰাকী অতিৰিক্ত উপায়ুক্তক তদন্তৰ নিৰ্দেশ দিয়ে। মৌচুমী দাসে অতিৰিক্ত উপায়ুক্তগৰাকীক বেয়া ব্যৱহাৰ কৰে।

পিছত বৃহস্পতিবাৰে বিয়লি বিষয়া দাসে নিলম্বনৰ নিৰ্দেশ আৰু কাৰ্যভাৰ আন বিষয়াক গতাই দিবলৈ দিয়া নিৰ্দেশৰ কপি দলিয়াই দিব বিচাৰে। অৱশেষত সেই নিলম্বনৰ প্ৰতিলিপি কাৰ্যালয়ে গ্ৰহণ কৰে। নলবাৰীৰ দল সংগঠনে জিলা প্ৰশাসনৰ এনে কাৰ্যৰ শলাগ লয়৷ নিজ ইচ্ছাৰে কাম কাজ কৰা বিষয়াগৰাকীয়ে সাধাৰণ লোকক ন্যুনতম গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয়৷ বিষয়া গৰাকীৰ দুৰ্নীতিৰ তদন্ত কৰিবৰ দাবী জনায় নলবাৰীৰ দল-সংগঠনে৷