বাঁহজানীত অটল অমৃত যোজনাৰ শুভাৰম্ভ

নলবাৰীঃ নলবাৰী জিলাৰ পূৱ বাহঁজানী গাঁও পঞ্চায়তয়ত সোমাবৰে অটল অমৃত যোজনা আঁচনিৰ শুভাৰম্ভ কৰা হয়। পঞ্চায়ত সভাপতি নলিনী কান্ত শীলৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে আঁচনি খনৰ শুভাৰম্ভ কৰে নলবাৰী জিলা বিজেপিৰ সভাপতি অপূৰ্ব শৰ্মাই।

শৰ্মাই আঁচনিৰ শুভাৰম্ভ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে দৰিদ্ৰ ৰাইজৰ বাবে বিভিন্ন  আঁচনি লৈছে বুলি কয়। বিগত পোন্ধৰ বছৰীয়া কংগ্ৰেছ চৰকাৰে মাথো আঁচনি ঘোষনা কৰিছিল কিন্তু ৰাইজৰ একো লাভ নহল।

এচাম কংগ্ৰেছী নেতা-পালিনেতাৰ হে উন্নয়ণ হল বুলি দোহাৰে শৰ্মাই। জানিব পৰা মতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বাহঁজানী জিলা পৰিষদৰ পৰা অপূৰ্ব শৰ্মাই নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি জানিব পৰা গৈছে৷