
নলবাৰীঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জুপাৰকুছি শাখা সমিতিয়ে ভাস্কৰ্য্য শিল্পী ভূপেন বৰ্মনক স্মৰণ কৰে৷ মঙলবাৰে অষ্টম বাৰ্ষিকী মৃত্যু তিথি উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।
জাপাৰকুছি প্ৰাথমিক বিদ্যালয় চৌহদত থকা আৱক্ষ মূৰ্ত্তিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰি শিল্পীগৰাকীক গভীৰ শ্ৰদ্ধা নিবেদন কৰে।
যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিৰ সভাপতি কৌশিক বৰ্মন, জাপাৰকুছি শাখা সমিতিৰ সভাপতি ৰুপজৌতি ঠাকুৰীয়া, সাধাৰণ সম্পাদক চম্পক বৰ্মন, শিল্পী গৌৰি বৰ্মন সহ বিভিন্ন জনে শিল্পীগৰাকীক স্মৰণ কৰে।