ৰাষ্ট্ৰীয় মহিলা কৃষক বঁটা বিজয়ী শ্ৰীমতী পদ্মাৱতী বড়োৰ সম্বদ্ধৰ্না অনুষ্ঠান

বৰনৰ্দ্দীঃ বুধবাৰে ২০ মাৰ্চ তাৰিখে কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰীত এখনি সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয়। 

উক্ত সভাত ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত আৰু দূৰদৰ্শন কেন্দ্ৰ, নতুন দিল্লীৰ দ্বাৰা অনুষ্ঠিত ৰাষ্ট্ৰীয় মহিলা কৃষক সন্মান ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণ কৰি দ্বিতীয় শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় মহিলা কৃষকৰ বটা বিজয়ী নলবাৰী জিলাৰ চেংনৈ গাওৰহ শ্ৰীমতী পদ্মাৱতী বড়োক কৃষি বিজ্ঞান কেন্দ্ৰ নলবাৰীৰ তৰফৰপৰা সম্বদ্ধৰ্না জনোৱা হয়। 

কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰপৰা কেন্দ্ৰটিৰ মূৰব্বী ডঃ মৃদুল ডেকাই তেওঁক এখন ফুলাম গামোচা আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে। এই সভাত নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫০ গৰাকী কৃষক, কৃষি বিজ্ঞান কেন্দ্ৰৰ সমূহ কৰ্মচাৰী, অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আচনিৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও নলবাৰী জিলাৰ জিলা পশুপালন বিষয়া ডঃ অশ্বিনী কলিতা আৰু জিলা মীন উন্নয়ন বিষয়া প্ৰতুল বেজবৰুৱাও উপস্থিত থাকে।