নলবাৰীৰ কৃষি বিপণী পৰিষদৰ সদস্য পদত বিজেপিৰ শেষ হাঁহি

নলবাৰীঃ নলবাৰীৰ বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ কৃষি বিপণী পৰিষদৰ সদস্য পদত বিজেপিৰ প্ৰাৰ্থী চন্দন ডেকাই কংগ্ৰেছ প্ৰাৰ্থী গৰাকীক বহূ পৰিমাণৰ ভোটত পৰাজিত কৰি জয় লাভ কৰে। তদুপৰি যোৱা বৃহস্পতিবাৰে পূৱ নলবাৰী উন্নয়ন খণ্ডৰ কৃষি বিপণী পৰিষদ সদস্য পদটো বিজেপি প্ৰাৰ্থী হিতেশ তালুকদাৰে (জোন) কংগ্ৰেছ প্ৰাৰ্থী গৰাকীক বহু ভোটত পৰাজিত কৰি জয় লাভ কৰে।

নলবাৰী জিলা কৃষি বিষয়া কাৰ্যালয় চৌহদ এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হয়। ইজনে সিজনক নানা আবিৰ-ৰং সানি আনন্দ-উল্লাস প্ৰকাশ কৰা দেখা যায়। কৃষি বিপণী পৰিষদৰ দুয়ো গৰাকী নিৰ্বাচিত প্ৰাৰ্থীক নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, ৰাজ্যিক বিজেপিৰ সদস্য প্ৰতুল কলিতা, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, উপ-সভাপতি, অপূৰ্ব শৰ্মা, সাধাৰণ সম্পাদক নিতুল ডেকা, কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত, বিজেপি নেত্ৰী আৰতী বৈশ্য, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি মৃদুল কলিতা, সাধাৰণ সম্পাদক ডিম্বেশ্বৰ বেজবৰুৱা, পূৱ নলবাৰী মণ্ডল বিজেপিৰ সভাপতি জয়ৰাম বৰ্মন, সাধাৰণ সম্পাদকদ্বয় ভূপেন ডেকা, খগেন ডেকা, সম্পাদক অঞ্জন তালুকদাৰ, শুভজিত মল্ল বুজৰবৰুৱা, কোষাধ্যক্ষ কিশোৰ কলিতা সহ বিভিন্ন জনে শুভেচ্ছা জ্ঞাপন কৰে৷