নলবাৰীৰ বিশিষ্ট সাংবাদিক-কবি প্ৰদীপ কুমাৰ বৰ্মনক অসম সাহিত্য বঁটা ২০১৮ প্ৰদান

নলবাৰীঃ নলবাৰী জিলাৰ বালিকৰিয়া গাঁৱৰ বাসিন্দা বিশিষ্ট  সাংবাদিক তথা কবি প্ৰদীপ কুমাৰ বৰ্মনক দেওবাৰে সাহিত্যসেৱী নৃপেন্দ্ৰ নাথ ভাগৱতীৰ সভাপতিত্বত আৰু মদন চন্দ্ৰ মেধিয়ে  আঁত ধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী  নুনমাটি শাখা সাহিত্য সভাই 'অসম সাহিত্য বঁটা 'প্ৰদান কৰে।

উল্লেখ্য যে নুনমাটি শাখা সাহিত্য সভাই পূৰ্বৰেপৰা বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শীতা দেখুওৱা লোকক  এনেদৰে বটাঁ প্ৰদান কৰি আহিছে। সাহিত্যৰ দিশত অৰিহণা যোগোৱাৰ বাবে প্ৰদীপ কুমাৰ বৰ্মনক এই বঁটা প্ৰদান কৰা হৈছে।

সাহিত্যসেৱী, সাংবাদিক প্ৰদীপ কুমাৰ বৰ্মনে অসম সাহিত্য বঁটা লাভ কৰি সমগ্ৰ নলবাৰী জিলাৰ লগতে জন্ম গাঁও বালিকৰিয়ালৈ যি সন্মান কঢিয়াই আনিলে সেই ক্ষেত্ৰত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, নলবাৰী জিলা সাহিত্য সভা, বালিকৰিয়া শাখা সাহিত্য সভা, বালিকৰিয়া বাসুদেৱ দেৱালয় সমিতি, আছু, যুৱ-ছাত্ৰ পৰিষদসহ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে।

দিনৰ ১১ বজাত গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত সৃষ্টিৰ পদাতিকৰ সম্বৰ্দ্ধনা, বঁটা প্ৰদান, কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত  কবি প্ৰদীপ কুমাৰ বৰ্মনক অসম সাহিত্য বঁটা ২০১৮ প্ৰদান কৰা হয়৷  সৃষ্টিৰ পদাতিকৰ ১৩ গৰাকীকৈ সম্পাদক মণ্ডলীৰ স্বাক্ষৰিত প্ৰশস্তি-পত্ৰ প্ৰদান কৰা হয়৷ বঁটাত  প্ৰশস্তি-পত্ৰৰ লগতে অন্যান্য উপহাৰ আৰু ফুলাম গামোছা প্ৰদান কৰে সৃষ্টিৰ পদাতিকৰ উদ্যোক্তাসকলে।

উল্লেখ্য যে কবি বৰ্মনে চাৰিখনকৈ গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে এগৰাকী বিশিষ্ট  সমাজ সংগঠক হিচাবে সুপৰিচিত ব্যাক্তি৷ নলবাৰী জিলাৰ বালিকৰিয়া গাঁৱত জন্মগ্ৰহণ কৰা বৰ্মনে একেৰাহে নলবাৰী আঞ্চলিক  ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি, জিলাৰ কাৰ্যালয়  সম্পাদক, বালিকৰিয়া ছাত্ৰ সন্থাৰ সভাপতি / সম্পাদক, বালিকৰিয়া সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সাধৰণ সম্পাদক কলংকিত কৰাৰ লগতে বৰ্তমান গুৱাহাটী গনেশগুৰি শাখা সাহিত্য সভাৰ সম্পাদক হিচাপে কাৰ্যভাৰ লোৱাৰ উপৰিও দৈনিক অগ্ৰদূত কাকতত কৰ্মৰত৷ কবি বৰ্মনে অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা কবিতা পুঠিৰ ভিতৰত তোমাৰ নিশ্চিত উপস্থিতিত, উৰুখা  পজাৰ জোনাক, অসমীয়া লিমাৰিক আদি৷