ওৰে জীৱন অনুন্নতৰ হৈ কাম কৰিছিল আম্বেদকাৰে, নলবাৰীত আৱক্ষ মূৰ্তি উন্মোচন

নলবাৰীঃ ড০ ভীমৰাও আম্বেদকাৰক বুধবাৰে ৰাজ্যৰ দল-সংগঠনে স্মৰণ কৰে৷ অনূসূচিত জাতি-জনজাতি সংগঠন সমূহৰ উদ্যোগত নলবাৰীতো সংবিধান প্ৰণেতা, বাবা চাহেব ড০ ভীমৰাও আম্বেদকাৰৰ মহাপ্ৰয়াণ তিথি পালন আৰু আৱক্ষ মূৰ্তি উন্মোচন কৰা হয়। পূৱা ন’ বজাত আদৰণী অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে ১১ বজাত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানৰ পৰা চহৰৰ ঘূৰণীয়া উদ্যানলৈ এক বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

১১-৩০ বজাত ঘূৰণীয়া উদ্যানত স্থাপন কৰা আৱক্ষ মূৰ্তি উন্মোচন কৰে অসম অনূসূচিত জাতি পৰিষদৰ কাৰ্যকৰী সভাপতি গিৰিশ বনিয়াই। ইয়াৰ পিছতে সাংস্কৃতিক অনুষ্ঠান হয়। দিনৰ বাৰ বজাত নলবাৰী নাট্য মন্দিৰত অনূসূচিত জাতি সংযুক্ত মৰ্চা, অসমৰ সভাপতি উৎপল হাজৰিকাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়।

ভাৰত মুক্তি মৰ্চাৰ সভাপতি জয়ন্ত মোহন দাসে আতঁ ধৰা সভাত বামচেফৰ ৰাষ্ট্ৰীয়-আন্তঃ ৰাষ্ট্ৰীয় অধ্যক্ষ ৱামন মৈশ্ৰাম, বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো, নলবাৰী জৱাহৰ নবোদয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মিনা, বিশিষ্ট শিক্ষাবিদ অনিল ভট্টাচাৰ্য, অশ্বিনী কুমাৰ শৰ্মা, ৰফিউল হুছেইন বৰুৱা, কবি জিতেন্দ্ৰ কুমাৰ জৈন, বামচেফ, অসমৰ তত্বাৱধায়ক বিজয় কুমাৰ সিং, বামচেফ অসম শাখাৰ সভাপতি অবনী কুমাৰ দাস, সদৌ অসম অনূসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি যুগল কিশোৰ বণীয়া সহ কেইবজনো বিশিষ্ট ব্যক্তি মঞ্চ শুৱনি কৰে।

সংবিধান প্ৰণেতা গৰাকীৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা আৰু সাংবাদিক দিলিপ বৰ্মনে সম্পাদনা কৰা স্মৃতি গ্ৰন্থখন সভাত উন্মোচন কৰে ৱামন মৈশ্ৰামে। বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে আম্বেদকাৰে ওৰে জীৱন অনুন্নত, পিছপৰা, দলিতৰ হৈ কাম কৰাৰ লগতে দেশৰ সমগ্ৰ লোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰি গৈছিল বুলি কয়৷ দলিত শ্ৰেণীক শিক্ষা গ্ৰহণৰ বাবে আগুৱাই অহাৰ আহ্বান জনাইছিল তেওঁ৷ দলিত শ্ৰেণীক গৰুৰ চামৰা, তথা মল-মূত্ৰ উঠোৱা পৰিস্কাৰ কৰা কামৰ পৰা আতৰি আহি শিক্ষা-দীক্ষা লোৱাৰ আহ্বান জনাই আহিছিল বুলিও কয় তৰেণ বড়োৱে৷

দেশৰ সকলো লোকৰ বাবে সমান চিন্তা, সমান মনোভাৱৰ পৰিবেশ গঢ়াত মনোনিবেশ কৰিছিল৷ তেওঁক বৃটিছ চৰকাৰে যুটীয়া সংসদীয় সমিতিৰ সদস্য হিচাপেও নিযুক্তি দিছিল। দেশ স্বাধীন হোৱাৰ পিছত ভাৰতীয় সংবিধান সভাৰ সদস্য, সংবিধান খচৰা প্ৰস্তুতি সমিতিৰ সভাপতি তথা ভাৰতীয় সংবিধানৰ প্ৰণেতা হিচাপে বিশেষ খ্যাতি লাভ কৰা লোক জনেই হ’ল আম্বেদকাৰ বুলি কয় বড়োৱে৷ ২০১২ চনত দুটা আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে এক বিশেষ সমীক্ষাত মৃত্যুৰ পিছতো জনপ্ৰিয় হৈ থকাৰ ক্ষেত্ৰত আগস্থানত থকা বুলি প্ৰকাশ কৰিছিল বুলিও কয় বড়ো সাহিত্য সভাৰ সভাপতি বড়োৱে৷

উন্মোচনী ভাষনত মৈশ্ৰামে ভীমৰাও আম্বেদকাৰ এগৰাকী মানৱতাবাদী লোক আছিল বুলি কয়। যাৰ হৃদয়ত নাছিল কোনো আপোন-পৰ, উচ্চ-নীচ। মাথো সমন্বয়ৰ প্ৰতীক হিচাপে দেশ তথা জনতাৰ কাম কৰিছিল। তেওঁৰ বিশেষ চেষ্টাতে ভাৰতৰ সংবিধান ৰচিত হৈছিল। ভাষন প্ৰসংগত মৈশ্ৰামে আম্বেদকাৰে অনূসূচিত জাতি জনজাতি লোকসকলৰ বাবে যঠেষ্ট কৰিছিল বুলিও দোহাৰে। সভাত শিক্ষাবিদ অশ্বিনী কুমাৰ শৰ্মাই যুগ পুৰুষ আম্বেদকাৰে দেশক ন’ দিশেৰে আগবঢ়াই নিছিল আৰু এতিয়া তাৰ সুফল দেশবাসীয়ে লাভ কৰিছে বুলি দোহাৰে।