অসহায় পিতৃ-মাতৃয়ে সদাসয় ৰাইজৰ ওচৰত সহায় ভিক্ষা বিচাৰি

নলবাৰীঃ কঠিন ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত এবছৰে চিকিৎসাধীন হৈ আছে হাজো বিধান সভা সমষ্টিৰ অন্তৰ্গত পালেপাৰা গাঁৱৰ ভেঞ্চাৰ স্কুলৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী লক্ষীধৰ কলিতা আৰু ববিতা কলিতাৰ ৫ম মান শ্ৰেণীত অধ্যয়নৰত দহবছৰীয়া একমাত্ৰ কন্যা গৰিমা কলিতা৷ 

চিকিৎসকে কিশোৰীগৰাকী ফিংকনিজ এম’নিয়া ৰোগত আক্ৰান্ত বুলি প্ৰকাশ কৰাত আৰু উন্নত চিকিৎসাৰ বাবে বাংগালুুৰুলৈ নিবলৈ পৰামৰ্শ আগবঢ়োৱাত দৰিদ্ৰ পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰাৰ দৰেই হয়। পৰিয়ালটোৱে বিভিন্ন উৎসত খবৰ কৰি উক্ত ৰোগৰ চিকিৎসাৰ বাবে আনুমানিক ত্ৰিশলক্ষাধিক টকাৰ প্ৰয়োজন হ'ব বুলি জানিব পাৰি একপ্ৰকাৰ দিশহাৰা হৈ পৰে পৰিয়ালটো। 

হাইস্কুলত বিনা বেতনে কৰ্মৰত কিশোৰী গৰাকীৰ পিতৃৰ বাবে ই মুঠেও সম্ভৱ নহয়। ইতিমধ্যে কিশোৰী গৰাকীক প্ৰতিমাহে তেজৰ হিম'গ্লবিন পৰীক্ষা কৰি নতুনকৈ তেজ দি থাকিবলগীয়া হোৱাত দৰিদ্ৰ পৰিয়ালটোৱে চকুৰে দিনতে এন্ধাৰ দেখিছে। গৰিমাক লৈ সপোন দেখা পিতৃ-মাতৃয়ে তাইক সুস্থ কৰি তুলিব বিচাৰে কিন্ত আৰ্থিক দৈন্যতাৰ বাবে সেয়া এতিয়া অসম্ভৱ যেন হৈ পৰিছে।

অসহায় পিতৃ-মাতৃয়ে সদাসয় ৰাইজৰ ওচৰত সহায় ভিক্ষা কৰিছে। কোনো ইচ্ছুক ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে চেণ্ট্ৰেল বেংক বাহাৰঘাট শাখাৰ একাউণ্ট নম্বৰ ২৩২৮৮৯৫০২০ আই এফ চি-চি বি আই এন ০২৮১৭২৯ যোগে সহায় কৰিবলৈ কাতৰ আহ্বান জনাইছে। অন্যথা ৯৯৫৭৬৮৮৪১৮ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব বুলিও পৰিয়ালটোৱে জনাইছে।