
নলবাৰীঃ দেওবাৰে নন্দন তাত্ত্বিক, সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, শিক্ষাবিদ ত্ৰৈলোক্যনাথ গোস্বামীৰ স্মৃতিচাৰণ সভা আৰু স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ অসম সাহিত্য সভাৰ শতবৰ্ষ উদযাপনৰ নলবাৰী জিলা সমিতি, জিলা সাহিত্য সভা আৰু আৰ্য শাখা সাহিত্য সভাৰ উদ্যোগত নলবাৰী শংকৰদেৱ একাডেমীত আবেলি ৩ বজাত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ৰমানাথ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা উদ্বোধন কৰে সাহিত্যিক অশ্বিনী কুমাৰ শৰ্মাই। অনুষ্ঠানত মূখ্য বক্তা হিচাপে উপস্থিত থাকে সাহিত্যিক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই।
জিলা সাহিত্য সভাৰ সম্পাদক নৰেন্দ্ৰ মজুমদাৰ আৰু আৰ্য সাহিত্য সভাৰ সম্পাদক বিপুল চক্ৰৱৰ্তীয়ে আতঁ ধৰা অনুষ্ঠান৷ 'ত্ৰৈলোক্যনাথ গোস্বামী সাহিত্য কৃতি' শীৰ্ষক বিষয় সন্দৰ্ভত স্মাৰক বক্তৃতা প্ৰদান কৰে কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপকক উপেন্দ্ৰ নাথ শৰ্মাই। অধ্যাপকক শৰ্মাই বক্তব্যত প্ৰসিদ্ধ সাহিত্যিক ত্ৰৈলোক্যনাথ গোস্বামী সাহিত্য সকলোৱে বুজিব পৰা আৰু সৰল আছিল বুলি কয়। তেওঁৰ সাহিত্যি সৃষ্টিৰ এক নতুনত্ব থকাৰ উপৰি সমাজক কিবা এটা দিব পৰা শক্তিও পৰিলক্ষিত হৈছিল বুলি দোহাৰে শিক্ষাবিদ শৰ্মাই। অনুষ্ঠানত শতবৰ্ষ উদযাপনৰ জিলা সমিতিৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতা বশিষ্ট গোস্বামী উপস্থিত থাকে৷ সাহিত্যসেৱী ইশ্বৰ চন্দ্ৰ গোস্বামীয়ে ।