
নলবাৰীঃ ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত নলবাৰী জিলাৰ বিধানসভা সমষ্টি সমূহত শাসকীয় বিজেপিৰ দলৰ বিধায়ক বিজয়ী হয়৷ নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নলবাৰীত কেইবা খনো সভাত অংশ লৈ নলবাৰীৰ উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷
সেই সময়ৰ শাসকীয় দল কংগ্ৰেছে নলবাৰীৰ উন্নয়ন নকৰাৰ অভিযোগ উত্থাপন কৰি বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিলে নলবাৰীৰ সামগ্ৰীক উন্নয়ন হ’ব বুলি বৰ বৰ ভাষণ প্ৰদান কৰিছিল৷
কিন্তু ৰাজ্য চৰকাৰৰ ৩ বছৰৰ পাৰ হ’বৰ হ’ল যদিও নলবাৰীৰ উন্নয়ন শূন্য বুলি কব খোজে নলবাৰীৰ ৰাইজ আৰু বিৰোধীয়ে৷ ইমানে নহয় খোদ ৰাজ্য চৰকাৰৰ সহযোগী দল অগপৰ নেতা-কৰ্মীয়ে এই অভিযোগ উত্থাপন কৰি আহিছে৷
জিলা খনত এগৰাকী কেবিনেট মন্ত্ৰী থকাৰ পিছতো জিলা খনৰ উন্নয়নত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ কেবিনেট মন্ত্ৰীগৰাকীয়ে নিজ সমষ্টিত উপস্থিত নোহোৱাৰ লগতে জিলা খনত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হয়৷
বিশেষকৈ জিলা খনৰ ৰাস্তা-পদুলি উন্নয়ন নোহোৱাৰ অভিযোগ উত্থাপন হয়৷ নিৰ্বাচন যোৱাৰ পিছত মন্ত্ৰী-বিধায়কসকলে জিলা খনত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয়৷
নিৰ্বাচনত জিলা খনৰ ৰাইজে বিজেপিক বিছৰা মতেই ভোট প্ৰদান কৰিছে৷ বিপুল ভোটত বিজয়ী কৰাৰ পিছতো এমজিএনৰেগাৰ পথৰ শুভাৰম্ভ কৰা, স্কুল গৃহৰ আধাৰ শিলা স্থাপন, জিৰণি চৰাৰ আধাৰ শিলা স্থাপন কৰাত ব্যস্ত থকা দেখা যায় বিধায়ককেইজনক৷
জনসাধৰণৰ যাতায়াতৰ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা নাই৷ যিকেইটা পথ নিৰ্মাণ হৈছে আটাইকেইটা পথ নিৰ্মাণত ব্যাপক খাম-খেয়ালি হোৱাৰ লগতে নিৰ্মাণৰ পিছৰে পৰা পথ সমূহ জহি-খহি যাবলৈ আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হয়৷
তাৰ মাজতে, নলবাৰী জিলাৰ অতিকৈ গুৰুত্বপূৰ্ণ দৌকুছিৰ-অাজাৰা-নলবাৰী চহৰ পথ মেৰামতিৰ অভাৱত জহি-খহি যাবলৈ আৰম্ভ কৰিছে৷
পথটো বিধ্বস্ত হৈ পৰাত যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে৷ নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক জয়ন্ত মল্ল বুজৰবৰুৱাৰ কাৰ্যকালত ২০১০ চনত নলবাৰীৰ তপন ডেকা নামৰ ঠিকাদাৰজনে নিৰ্মান কৰিছিল পথটো৷ অতি নিম্নমানৰ সামগ্ৰীৰে পথটো নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপন হৈছিল৷
২০১০ চনৰ পৰাই পথটো মেৰামতি নকৰাৰ ফলত জৰাজীৰ্ণ হৈ পৰিছে৷ যোৱ ৮ বছৰ পথটোত শিল এটা নপৰাত জোঙা জোঙা শিল আৰু গাঁতৰ বাবে পথটোত গাড়ী মটৰৰ দুৰৰ কথা চাইকেল চলাব নোৱাৰা হৈছে৷
স্থানীয় বিধায়ক অশোক শৰ্মাই বিধায়ক হিচাপে তিনি বছৰ পাৰ কৰিবৰ হ’ল যদিও পথটোক লৈ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ বিধায়কগৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰাৰো অভিযোগ উত্থাপন হয়৷ অতি ব্যস্ত পথটোৰে দৌকুছি, চান্দুকুছি, বগুৰিহাটী, বৰনৰ্দ্দী, মোহখুলি অঞ্চলৰ ৰাইজে জিলা সদৰ নলবাৰী চহৰলৈ আহ-যাহ কৰে৷
পথটোত চাইকেল চলাব নোৱাৰা হৈছে৷ জোঙা জোঙা শিল আৰু গাঁতৰ বাবে পথটোত চাইকেল চলাব নোৱাৰি৷ ৫ বছৰৰ মূৰে মূৰ নানা ভুৱা প্ৰতিশ্ৰতি দি ৰাইজৰ ভোট লৈ ৰাজনৈতিক দলবোৰে চৰকাৰ গঠন কৰে যদিও প্ৰতিশ্ৰতি সময়ত পালন কৰে নে ৰাজনৈতিক দলবোৰে?
নলবাৰী জিলাৰ ৰাইজে এই প্ৰশ্ন উত্থাপন কৰিছে৷ চৰকাৰ সলনি হয় যদিও সলনি নহয় মন্ত্ৰী-বিধায়ক স্বৰূপ। চৰকাৰে পথটো মেৰামতিৰ বাবে ধন আৱন্টন নিদিয়াত মেৰামতিৰ নামত এটা শিলগুটিও নপৰিল বুলি কয় ৰাইজে৷