কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপিকা দীপ্তিৰাণী তালুকদাৰৰ মৃত্যু

নলবাৰীঃ নলবাৰী জিলাৰ চামতাৰ কামৰূপ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপিকা দীপ্তিৰাণী তালুকদাৰৰ সোমবাৰে সন্ধিয়া মৃত্যুক আকোৱালি লয়।

তালুকদাৰে চিকিৎসাধীন অৱস্থাত গুৱাহাটী মহানগৰীৰ নেমকেয়াৰ হস্পিতালত মৃত্যুক আকোৱালি লয়। দীৰ্ঘদিনে বিভিন্ন ৰোগত আক্ৰান্ত হৈ কুছু দিনৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়ত ভৰ্তি কৰিছিল তেওঁক৷

৪৭ বছৰ বয়সতে মৃত্যুত আকোৱালি লোৱা অধ্যাপিকাগৰাকীৰ মৃত্যুত বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।