নলবাৰী ৰাস মহোৎসৱত সংঘটিত হোৱা কোনো ধৰণৰ দুৰ্ঘটনা

ফাইল ফটো
ফাইল ফটো

নলবাৰীঃ সমাজ খনক ভাগ ভাগ কৰাৰ তথা সমাজৰ ক্ষতি কৰিবৰ বাবে একাংশ লোকে ছচিয়েল মিডিয়াক ব্যৱহাৰ কৰা দেখা যায়৷ হিন্দু-মুছলমান তথা ধৰ্মৰ কথা কবলৈ একাংশ লোকে ফেচবুক-টইটুৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে৷ তাৰ মাজতে ঐতিহ্যমণ্ডিত ৰাজ্যৰ ভিতৰত সৰ্ববৃহৎ ৰাস মহোৎসৱ নলবাৰী ৰাসক লৈ একাংশ লোকে অপপ্ৰচাৰ কৰা দেখা যায়৷

নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰত চলি থকা তেৰদিনীয়া ৰাস মহোৎসৱৰ বুধবাৰে ৬ষ্ঠ দিনাও লোকে লোকাৰণ্য হৈ পৰে৷ এটা দূষ্ট চক্ৰই ৰাসত ব্যাঘাট ঘটোৱাৰ লক্ষ্যৰে অপপ্ৰচাৰ চলোৱা বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰে৷  মনোৰঞ্জন মেলাৰ "মৌত কা কুৱা"ত বাইক-কাৰ ষ্টাণ্ড প্ৰদৰ্শনীত এগৰাকী যুৱতী হঠাৎ কুঁৱাত পৰি গুৰুতৰ ভাবে আহত হোৱা বুলি এটি ভিডিঅ’ প্ৰচাৰ কৰা বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰে ৷

পিছত আঘাট প্ৰাপ্ত যুবতীগৰাকীক তাৰ পৰা ততাতৈয়াকৈ কুঁৱাৰ পৰা উলিয়াই নিয়ে৷ এনেকুৱা এটা ভিডিঅ ছ'ছিয়েল মিডিয়াত যোৱা দুদিন ধৰি ভাইৰেল হৈ পৰে৷ জানিব পৰা মতে, ইতিমধ্যে  তেনেকুৱা ঘটনা নলবাৰী ৰাস মহোৎসৱত সংঘটিত হোৱা নাই বুলি স্পষ্ট হৈ পৰে৷ বিভিন্নজনে সমগ্ৰ ঘটনাটোৰ সত্যতা নিৰ্নয় কৰাৰ বাবে খা-খবৰ কৰে ৷ নলবাৰী ৰাসত তেনে কোনো ঘটনা ঘটা নাই এয়া সম্পূৰ্ণ ভুৱা প্ৰচাৰ৷ ৰাস উদযাপন সমিতিযে জানিব দিয়া মতে, ৰাস মহোৎসৱত বিঘিনি ঘটোৱাৰ অপচেষ্টা চলাই কোনো দুষ্ট চক্ৰই৷ ইফালে স্থানীয় বিধায়ক তথা ৰাস সমিতিৰ সভাপতি অশোক শৰ্মাই নলবাৰী আৰক্ষীক বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়৷