নলবাৰীৰ জাঁপি শিল্পৰ প্ৰচাৰ-প্ৰসাৰ কৰিব ৰাজ্য চৰকাৰে, নলবাৰীৰ বিশিষ্ট নাগৰিকৰ সাক্ষাৎ মুখ্যমন্ত্ৰীক

newsnextone.com | নলবাৰীঃ শুকুৰবাৰে নলবাৰী জিলাৰ বিশিষ্ট লোকৰ এটা প্ৰতিনিধি দলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গুৱাহাটীত সাক্ষাৎ কৰে৷ নলবাৰী জিলাত বিভিন্ন দিশত সেৱা আগবঢ়াই অহা কেইবাগৰাকী লোকৰ প্ৰতিনিধি দলটোৱে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালক সাক্ষাৎ কৰি নলবাৰী জিলাৰ কেইবাটাও সমস্যাৰ সমাধান আৰু পৰম্পৰা, সংস্কৃতি সংৰক্ষণৰ আহ্বান জনায়৷ সৌহাদ্যপূৰ্ণ আলোচনাত স্থানীয় বিধায়ক অশােক কুমাৰ শৰ্মাও উপস্থিত থাকে৷   

নলবাৰী জিলাৰ শিক্ষাবিদ, সাহিত্যিক, সাংবাদিক, ছাত্ৰ নেতা সহ দলটোৱে মুখ্যমন্ত্ৰীৰ সৈতে নলবাৰীৰ গুৰুতৰ সমস্যা আঙুলিয়াই দি তেনে কাম সমূহ কৰিবলৈ আবেদন জনায়৷ প্রতিনিধি দলটোৱে চৰকৰৰ দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে৷

প্রতিনিধি দলটোত নলবাৰী ৰত্ন ড০ বসন্ত ভট্টাচার্য, নলবাৰী এমএনচি কলেজৰ অধ্যক্ষ ড০ কে গৌড়, নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক গােস্বামী, বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ফণী ডেকা, অধ্যক্ষ ড০ যােগেন কলিতা, বিশিষ্ট চিকিৎসক ডা০ বি চি তালুকদাৰ, ডা০ বি দত্ত, বিশিষ্ট সাংবাদিক জিতেন শর্মা, ৰমনী বর্মন, অসম সাহিত্য সভাৰ নলবাৰী জিলাৰ সভাপতি ড০ বিপিন কলিতা, বিশিষ্ট নাগৰিক মানাথ বৰুৱা, বিশিষ্ট ব্যৱসায়ী সন্তোষ ভাৰতীয়াকে ধৰি কেইবাগৰাকী লোক উপস্থিত থাকে৷

আলােচনা কালত দলটোৱে নলবাৰীৰ ঐতিহ্যমণ্ডিত জাঁপি সংস্কৃতি তথা এই শিল্পৰ উন্নয়ন, ঢুলীয়া কৃষ্টি-সংস্কৃতিৰ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনায় মুখ্যমন্ত্ৰীক৷ নলবাৰী চহৰৰ ভয়াবহ সমস্যা কৃত্ৰিম বান, নলবাৰী জিলাৰ বাট-পথৰ উন্নয়নৰ পদক্ষেপ গ্ৰহণ, নলবাৰী চহৰত এটা উন্নত কনফাৰেন্স হল, নলবাৰী নাট্য মন্দিৰৰ বাবে ৰাজ্য চৰকাৰক আৰু কিছু পুঁজি আৱণ্টন দিয়াৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে দলটোৰ প্ৰতিটো কথা গুৰুত্ব সহকাৰে শুনি যাৱতীয় পদক্ষেপ গ্রহণ কৰা হ’ব বুলি আশ্বাস প্রদান কৰে।

মুখ্যমন্ত্ৰীয়ে আলোচনাৰ মাজতে জাঁপি শিল্পৰ সৈতে কিমান পৰিয়াল জৰিত, উপার্জন আদি দিশ সামৰি এক প্রতিবেদন তৈয়াৰ কৰিবলৈ নলবাৰীৰ বিধায়ক অশােক শৰ্মাক নির্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে জাঁপি শিল্পৰ প্ৰচাৰ-প্ৰসাৰ, বাণিজ্যিক দিশ, শিল্পীৰ উপার্জন বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব বুলি কয়৷

আলােচনা কালত মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষা আৰু আর্থ-সামাজিক উত্তৰণৰ দিশত লােৱা বিভিন্ন বিষয় সন্দৰ্ভত অৱগত কৰে৷ মুখ্যমন্ত্ৰীয়ে নলবাৰী অঞ্চলটো বৌদ্ধিক দিশত যথেষ্ট আগবঢ়া বুলি কৈ নলবাৰীৰ বৌদ্ধিক সমাজে ৰাজ্য চৰকাৰে হাতত লােৱা বিভিন্ন কর্মসূচীৰ ওপৰত চোকা দৃষ্টি ৰাখি গঠনমূলক পৰামৰ্শ সময়ে-সময়ে আগবঢ়াব লাগিব বুলি কয়। মুখ্যমন্ত্ৰীয়ে অসমৰ নৱ প্রজন্মৰ উত্তৰণৰ দিশত নলবাৰীৰ বৌদ্ধিক সমাজে এক সুস্থ বাতাৱৰণ সৃষ্টিৰ ক্ষেত্ৰত বিশেষ অৰিহণা যােগাব লাগিব বুলিও মত পোষণ কৰে৷