
নলবাৰীঃ যোৱা ১ এপ্ৰিলত গোৱালপাৰা জিলাৰ গোৱালপাৰা ছায়েন্স কলেজৰ শিক্ষক হুমায়ুন কবিৰৰ বিৰুদ্ধে স্কুলৰ প্ৰস্ৰাৱগাৰত এগৰাকী ছাত্ৰীক ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হোৱা তীব্ৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে এইবাৰ ৰাজ্য খনৰ আন এগৰাকী শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে সপ্তম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ।
ইতিমধ্যে অভিযুক্ত শিক্ষকক আটক কৰিছে আৰক্ষীয়ে। এইবাৰ ঘটনাৰ স্থান নলবাৰী জিলা। নলবাৰী চহৰৰ সমীপৰ বালিকৰীয়াৰ ঐতিহ্যমণ্ডিত বালিকৰীয়া বাসুদেৱ বিদ্যাপীঠৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক বিদ্যালয়খনৰ শিক্ষক পদ্মলোচন হালৈয়ে যৌন নিৰ্যাতন চলােৱাৰ অভিযোগ উত্থাপন হয়।
জানিব পৰা মতে, ঐতিহ্যমণ্ডিত বিদ্যালয় খনত মঙলবাৰেও পুৱাৰে পৰা ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ আহে৷ বিদ্যালয় খনত অনুষ্ঠিত হৈ আছে গোট পৰীক্ষা৷ তাৰ মাজতে এগৰাকী ছাত্ৰীৰ পৰিয়ালৰ লোক বিদ্যালয়লৈ আহি নিজ কন্যাক বিদ্যালয়ৰ পদ্মলোচন নামৰ শিক্ষকগৰাকীয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে৷ যোৱা বৃহস্পতিবাৰে পৰীক্ষাৰ সময়তে যৌন নিৰ্যাতন চলোৱা বুলি পৰিয়ালৰ লোকে শিক্ষক পদ্মলোচন হালৈৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷
লগে লগে স্থানীয় লোক ওলাই আহি বিদ্যালয়খনত এক হাহাকাৰময় অৱস্থাৰ সৃষ্টি কৰে৷ আক্ৰান্ত ছাত্ৰীগৰাকীয়ে ইতিমধ্যে তেওঁক যৌন নিৰ্যাতন চলোৱা বুলি শিক্ষক পদ্মলোচন হালৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালে গোচৰ তৰাত শিক্ষকজনক আৰক্ষীয়ে আটক কৰে৷
শিক্ষকগৰাকীয়ে এই অভিযোগ খণ্ডন কৰি ওলোটাই অভিযোগ উত্থাপন কৰা ছাত্ৰীগৰাকীক পূৰ্বে ককায়েকক পৰীক্ষা হলৰ পৰা উলিয়াই দিয়াৰ বাবে এই কাৰ্য সংঘটিত কৰা বুলি কয়৷ ছাত্ৰ-ছাত্ৰীক শাসন কৰাৰ অধিকাৰ থকা বুলি কৈ তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা বুলি কয়৷ ইপিনে এই খবৰ ৰাষ্ট্ৰ হৈ পৰাত অঞ্চলটোৰ লোকে বিদ্যালয়ত উপস্থিত হৈ উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে বিদ্যালয় চৌহদত৷