উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসক যুৱ মৰ্চাৰ সম্বৰ্ধনা

নলবাৰীঃ বিজেপিৰ ভাতৃ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী জিলাৰ নৱ নিযুক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসক বুধবাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

যুৱ মৰ্চাৰ জিলা সভাপতি পংকজ ডেকাৰ নেতৃত্বত নন্দলাল সৰকাৰ, ৰুপন জৌতি শৰ্মা, মানসজৌতি তালুকদাৰ, উদ্ধৱ ডেকা সহ এটি দলে উপায়ুক্তক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত আলোচনা কৰে৷ আনহাতে উপায়ুক্তক জাপি, গামোচা আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

সম্বৰ্ধনা গ্ৰহণ কৰি উপায়ুক্তগৰাকীয়ে জিলাখন চলোৱাত তেওঁলোকৰ সহযোগ কামনা কৰে আৰু ধন্যবাদ জনায় সংগঠনটোক।