নামতিত অসম ভিত্তিত ভাওনা-দিহানাম প্রতিযোগিতা

নামতিঃ মহাপুৰুষ শ্রীমন্ত শংকৰ দেৱ গুৰুজনাৰ মহান সৃষ্টি ভাওনা। শিৱসাগৰ জিলাৰ নামতি অঞ্চলৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান "শিপা"ৰ উদ্যোগত আৰু আঠখেল, দোপদৰ, শলগুৰিৰ মৌজাৰ ৰাইজৰ সহযোগত ৯ দিনীয়া কার্যসূচীৰে সদৌ অসম ভিত্তিত "ভাওনা" আৰু "মুকলি দিহানাম প্রতিযোগিতা" অনুষ্ঠিত হ’ব।

অহা ২৮ জানুৱাৰীৰ পৰা ৫ ফেব্রুৱাৰীলৈকে নামতি বৰফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হ’বলগীয়া ভাওনা প্রতিযোগিতা সুকলমে পৰিচালনা কৰিবলৈ ইতিমধ্যে প্রাক্তন প্রধান শিক্ষক চেনিৰাম বৰগোঁহাইক সভাপতি, প্রধান শিক্ষক জীতেন দুৱৰাক কার্যকৰী সভাপতি আৰু প্রভাকৰ ফুকনক সম্পাদক হিচাপে লৈ এখন শক্তিশালী পৰিচালনা সমিতি গঠন কৰা হৈছে।

দ্বিতীয় বাৰৰ বাবে আয়োজন কৰা প্রতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ ২০ নৱেম্বৰৰ পুৰ্বে  উদ্যোক্তা সকলৰ সৈতে যোগাযোগ কৰিব লাগিব বুলি জানিবলৈ দিয়ে। সবিশেষ জানিবৰ বাবে ইচ্ছুক প্রতিযোগী সকলে মুখ্য কার্যালয়, বৰফুকন মধ্য ইংৰাজী বিদ্যালয়, নামতি চাৰি আলি, মিন্ময় ফার্নিচাৰ, নাজিৰা ৰোড নতুবা ৯৪০১০৫৮৯৪২, ৯৮৫৪০৭৩৮৪৯ নম্বৰত যোগাযোগ কৰিব পাৰিব।