
প্ৰতিকী ফটো
তেজপুৰঃ দেওবাৰে পুৱাই বন বিভাগৰ লোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটি বাঘৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে এইবাৰ শোণিতপুৰ জিলাৰ নামেৰিৰ ৰাষ্ট্ৰীয় উদ্যানত ঢেকিয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে৷
শোণিতপুৰ বন বিভাগৰ এটি দল ঘটনাস্থলিত উপস্থিত হৈ তদমন্ত আৰম্ভ কৰিছে যদিও মৃত্যু কাৰণ জানিব পৰা হোৱা নাই৷ দেওবাৰে পুৱাই পানীত ওপঙি থকা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ মৃদেহটো কাজিৰঙাৰ অগৰাতলী বনাঞ্চলৰ নলনী বনশিবৰত উদ্ধাৰ৷
তাৰ মাজতে শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পাকে ব্যাঘ্ৰ প্ৰকল্পৰ এলেকাত ঢেকিয়াপতীয়াৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বনবিভাগ মৃত্যুৰ কাৰণ জানিবলৈ তদন্ত অব্যাহত ৰাখিছে৷